
মঙলদৈঃ পৰেশ পন্থী আলফাৰ নামনি অসমৰ অন্যতম নেতা আলফাৰ দৰং-ওদালগুৰিৰ ছাৰ্জেন্ট মেজৰ ৰাজেন ডেকাক ‘অসম মৃতক’ ঘোষণা কৰে আলফা স্বাধীনে৷ ইমানে নহয় শুকুৰবাৰে পুৱতি নিশা সেনা-আৰক্ষীৰ গুলীত নিহত হোৱা ৰাজেন ডেকাক জাতীয় অমৰ মৃতক আখ্যা দিয়ে আলফাই৷ আলফা স্বাধীনৰ প্ৰচাৰ সম্পাদক অৰুণোদয় অসমে সংবাদ মাধ্যমলৈ ই-মেইল যোগে প্ৰেৰণ কৰা এক বিৃতি যোগে এই কথা উল্লেখ কৰে৷ একেটা বিবৃতি যোগে ৰাজেন ডেকাই আত্মহত্যা কৰা বুলি কয় আলফাই৷
নিশা প্ৰায় ১২ বজাত জীঘাংসু ভাৰতীয় দখলদাৰী বাহিনী আৰু অসম আৰক্ষীৰ বৃহৎ দলে নিশ্চিদ্ৰ বেহু ভেদ কৰিব নোৱাৰি উপায়ন্তৰ হৈ শত্ৰুৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যুৱেই শ্ৰেয় নীতিত অবিচল থাকি অৱশেষত পুৱা নিজৰ লগত থকা বন্দুকেৰে ৰাজেনে আত্মহত্যা কৰিছিল বুলি উল্লেখ কৰে আলফাই৷ আনহাতে একাংশ সংবাদ মাধ্যমকো সমালোচনা কৰি কাকতালীয়ভাৱে বাতৰি প্ৰচাৰ কৰা বুলি কৈ পৰিয়ালৰ ৫ জন সদস্যক ঢাল হিচাপে লৈ ব্যৱহাৰ কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰিক ভিত্তিহীন আখ্যা দিয়ে৷
পৰিয়ালটোৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ শেষ পৰ্যন্ত চেষ্টা কৰা বুলি কয় বিবৃতি যোগে৷ ৰাজেন ডেকাই জীৱন-যৌৱন দি হলেও মৃত্যুৰ আগমুহূৰ্তলৈকে নিভাজ দেশ-জাতি প্ৰেমৰ কথা উল্লেখ কৰি বিগত দিনত সংগঠনত দি যোৱা অমূল্য অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে বিদ্ৰোহী সংগঠনটোৱে৷ স্বজাতীৰ স্বাধীনতা পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত চূড়ান্ত ত্যাগ স্বীকাৰ কৰা বীৰ সন্তান কেপ্তেইন ৰিংকু অসম ওৰফে ৰাজেন ডেকাক আলফাৰ তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি যাচে বিবৃতি যোগে৷ স্মৰ্তব্য যে, দৰং জিলাৰ বালিপোতাৰ আলফা নেতাগৰাকীক বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ ছৈবাৰীৰ খৈৰাপাৰা গাঁৱত সেনাৰ গুলীত নিহত হয়।
টংলাৰ নলবাৰী নামৰ ঠাইত কুশেশ্বৰ ডেকা নামৰ এঘৰ লোকৰ ঘৰত আলফা নেতাগৰাকীয়ে বাহৰ পাতি আছিল৷ বিশেষ সুত্ৰ যোগে উক্ত খবৰ লাভ কৰে সেনা-আৰক্ষীয়ে৷ তাৰ পিছতে সস্তম হৈ পৰে সেনা-আৰক্ষী৷ সেনা আৰক্ষীয়ে মুহূৰ্ততে অঞ্চলটো ঘেৰি লয়৷ ঘেৰি লৈ প্ৰায় দুঘন্টা অভিযান চলাই সেনা-আৰক্ষীয়ে। তাৰ পিছত বহু সময় সংঘৰ্ষ লাগে বুলি জানিব পৰা যায়৷ স্থানীয় লোকেও বহু গুলীৰ শব্দ শুনা পায়৷ ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙৰ নেতৃত্বত চলোৱা এই অভিযানত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ আৰক্ষীৰ দলৰ লগতে সেনাবাহিনীৰ বৃহৎ দলে গাঁও খনত প্ৰবেশ কৰাৰ পিছতে বিপদৰ আগজাননী লাভ কৰিছিল নেতাগৰাকীয়ে।
ফলত সেনা-আৰক্ষীৰ বেহুৰ পৰা সাৰি যাবলৈ গুলী চালনা কৰিছিল বুলি জানিব পৰা যায়। সেনা-আৰক্ষীৰ সৈতে আৰু আলফাৰ নেতা জনে সংঘৰ্ষত লিপ্ত হয়৷ আৰক্ষী আৰু সেনাই নেতাগৰাকীক সংঘৰ্ষত নিহত হোৱা বুলি স্পষ্ট কৰে৷ স্থানীয় একাংশ লোকে ৰাজেন ডেকাই নিজৰ হাতত থকা ৰাইফলেৰে আত্মহত্যা কৰে বুলি হে কব খোজে। দৰং আৰক্ষীৰ লগতে ওদালগুৰি আৰক্ষীৰ মুৰৰ কামোৰণি হৈ পৰা ৰাজেন ডেকাই দৰং আৰু ওদালগুৰিত আলফাৰ সাংগঠনিক স্থিতি সবল কৰাৰ বাবে কাম কৰি আছিল বুলি জানিব পৰা যায়৷ সেনা-আৰক্ষীয়ে নেতাজনৰ পৰা ৭৪জাই সক্ৰিয় গুলী, তিনিটা মেগজিন, এটা একে ৪৭ ৰাইফল, এটা পিষ্টল, ১২টা মোবাইল কিছু নগদ ধন উদ্ধাৰ কৰে৷