
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত অমৰনাথ যাত্ৰীৰ বাছৰ ওপৰত সোমবাৰে আবেলি সন্ত্ৰাসবাদীয়ে অতৰ্কিতে চলোৱা আক্ৰমণৰ ফলত সাতজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ১২ জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
মূল যাত্ৰাৰ মিছিলৰ সৈতে তীৰ্থভ্ৰমণৰ বাবে গুজৰাটৰ পৰা অহা বাছখনত গুলিচালনাৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে তাত চিআৰপিএফৰ জোৱানৰ এটি দল উপস্থিত হৈছে।
বাছখনে তীৰ্থযাত্ৰাৰ বাছৰ শাৰীতে গৈ আছিল যদিও তীৰ্থ ব’ৰ্ডৰ সৈতে পঞ্জীয়ন কৰোৱা নাছিল। আৱেলি ৮ বাজি ২০ মিনিটত বাছখনৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। একেটা সময়তে জিলাখনৰ বাণ্টেগাৰ আৰক্ষীৰ দল এটাৰ ওপৰতো সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়।
এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। এই আক্ৰমণৰ বাবে গৰিহণা দিবৰ জোখাৰে ভাষা নাই বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
উল্লেখ্য যে ২৯ জুনৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত পাহালগাম আৰু বালটালৰ পৰা দুটা পৃথক পথেৰে আৰম্ভ হৈছিল অমৰনাথ যাত্ৰাৰ। চলিত বৰ্ষত ১.২ লাখ লোকে অমৰনাথ যাত্ৰাৰ বাবে তীৰ্থ ব’ৰ্ডত নিজৰ নাম পঞ্জীয়ন কৰাইছিল।
উত্তৰ কাশ্মীৰ বালটালৰ শিবিৰৰ পৰা ৬ হাজাৰৰো অধিক ভক্ত তীৰ্থযাত্ৰালৈ ওলোৱাৰ বিপৰীতে দক্ষিণ কাশ্মীৰৰ পাহালগাম দিশৰ পৰা ৫ হাজাৰৰো অধিক যাত্ৰী অমৰনাথ যাত্ৰাৰ বাবে ৰাওনা হৈছিল।
অমৰনাথৰ যাত্ৰাত বিঘিনি নঘটিবৰ বাবে কেন্দ্ৰ চৰকাৰে অতিৰিক্তভাৱে ৪০ হাজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছিল এই যাত্ৰাৰ বাবে। সন্ত্ৰাসবাদীয়ে তীৰ্থযাত্ৰীক লক্ষ্য কৰি লোৱাটো প্ৰথমবাৰ ঘটা বুলি মত প্ৰকাশ কৰিছে কাশ্মীৰৰ মন্ত্ৰী নায়িম আখতাৰে।