20
Jun
2017

ডিজিটেল ডেস্কঃ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া সামগ্ৰী আৰু সেৱা কৰৰ পূৰ্বেই স্মাৰ্টফোনৰ খুচুৰা বিক্ৰেতাবোৰে স্মাৰ্টফোনৰ ষ্টক খালী কৰিবলৈ উঠি-পৰি লাগিছে।
ৰিটেইলাৰে অফলাইন আৰু অনলাইন দুয়োটাতেই অবিশ্বাস্য ৰেহাই মূল্যত স্মাৰ্টফোন বিক্ৰীৰ অফাৰ দিছে।
বিশ্বৰ সৰ্ববৃহৎ অনলাইন খুচুৰা বিক্ৰেতা আমাজনে আজিৰেপৰা আৰম্ভ কৰিছে প্ৰি-জিএছটি চেল অভিযান। স্মাৰ্টফোন, স্পীকাৰ ফোন, মেমৰী কাৰ্ড, লেপটপ আদি বিভিন্ন ইলেকট্ৰনিক সামগ্ৰী ৰেহাই মূল্যত দিয়া হৈছে ২১ জুনলৈ।
ডাঙৰ ডাঙৰ ব্ৰেণ্ড যেনে এপল, মটো, লিনেভো আদিয়ে মূল্য তালিকা একেবাৰে তললৈ নমাই আনিছে। আইফোন-৭ ৰপৰা আৰম্ভ কৰি ওৱানপ্লাছ ৩ ফোনো ৰেহাই মূল্যত বিক্ৰী কৰিছে আমাজনে।