
পাঞ্জাবাৰীঃ মহানগৰীৰ গাতে লাগি থকা আমচাং অভয়াৰণ্যত আজি ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই৷ কামৰূপ জিলা প্ৰশাসনে বন বিভাগৰ সহযোগত পুৱাৰে পৰা উচ্ছেদ অভিযান চলাই যদিও যথেষ্ট বাধাৰ সন্মুখীন হ’ব লগা হয়৷
প্ৰায় শতাধিক গৃহ হতী আৰু জেচিবিৰে ভঙি পেলায় যদিও প্ৰশাসন আৰু উচ্ছেদিত লোকৰ মাজত সংঘাট সৃষ্টি হয়৷ আৰক্ষীৰ গালৈ শিলগুটি পৰ্যন্ত নিক্ষেপ কৰে একাংশ লোকে।
বনবিভাগে পুৱা ন বজাৰ পৰা তিনি বজালৈ অসম আৰক্ষী, এছ ডি আৰ এফ, অগ্নি নিৰ্বাপক বাহিনী, চিকিৎসকৰ দল সহিতে সম্পূৰ্ণ সাজু হৈ এটা দিন উচ্ছেদ অভিযান চলাই। উচ্ছেদ অভিযানত প্ৰায় শতাধিক পৰিয়াল গৃহহাৰা হয়।
অতি নিৰ্মম ভাবে প্ৰশাসনে নিয়োগ কৰা শ্ৰমিক, হাতী আৰু জেচিবিৰে এটাৰ পিছত আনতো গৃহ তচ-নচ কৰি পেলায়। শতাধিক পৰিয়ালৰ পকী ঘৰৰ লগতে শতাধিক কাঠ-বাহৰ ঘৰ ভাঙি পেলায় প্ৰশাসনে। জীৱনত কষ্টোপাৰ্জিত কেইটামান টকাৰে বসবাস কৰাৰ কৰিবৰ বাবে সাজি লোৱা ঘৰটো ৰাজ্য চৰকাৰে ভাঙি দিয়া বুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে বহু থলুৱা লোকে৷
নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতা সকলে আমাৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ আহে কিন্তু তেও লোকে দিয়া প্ৰতিশ্ৰুতি সমুহ আজি পাহৰি আমাক গৃহহাৰা কৰিলে বুলি বিধায়কৰ বিৰুদ্ধেও ক্ষোভিত হয় উচ্ছেদিত লোকে৷