
আমগুৰিঃ শিৱসাগৰ জিলাৰ কেইবাটাও সংগঠনে আহ্বান জনোৱা শিৱসাগৰ জিলা বন্ধৰ ব্যাপক প্ৰভাৱ পৰে আমগুৰিl৷
শিৱসাগৰ জিলাৰ বেতন বঞ্চিত ১৫৩০ জন শিক্ষকক চাকৰি নিয়মীয়াকৰণ কৰা, দৰমহা মুকলি কৰি দিয়া, ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৩০০ কোটিটকীয়া জিৰাত কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰা দাবী জনায়।
শিৱসাগৰ কপোৱা দীক্ষা ৰাজকুমাৰীৰ হত্যাকাৰীক আটক কৰাৰ দাবীত সদৌ তাই আহোম ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাইপা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আমছু, আক্ৰাছু আদি অধিক জাতীয় সংগঠনৰ ঐক্য মঞ্চ-যৌথ সংগ্ৰামী মঞ্চই ১২ ঘন্টীয়া বন্ধ আহ্বান কৰে৷
আজি পুৱা ৫ বজাৰ পৰা সংগঠন সমূহৰ উমৈহতীয়া মঞ্চ যৌথ সংগ্ৰামী মঞ্চই আহ্বান কৰা ১২ ঘণ্টীয়া বন্ধৰ ব্যাপক প্ৰভাৱ পৰে অঞ্চলটোত৷ পুৱাৰে পৰা শিৱসাগৰ জিলাৰ শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান. চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সম্পুৰ্ণ বন্ধ হৈ পৰা পৰিলক্ষিত হয়৷
শিৱসাগৰ জিলাৰ আমগুৰি, হালোৱাটিং, গৌৰীসাগৰ আদি ঠাইত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধৰ সমৰ্ধকে। সমগ্র অঞ্চলজুৰি নগৰ আৰু বজাৰসমূহৰ দোকান-পোহাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ থকাৰ লগতে আমগুৰিৰ মাজেৰে পাৰ হোৱা ৬১নং আৰু ৩৭নং ৰাষ্ট্রীয় ঘাইপথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰা পৰিলক্ষিত হয়।
বন্ধৰ সময়ছোৱাত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি উপলব্ধ পোৱা নাই। জিলা প্ৰশাসনে সংগঠন সমূহৰ দাবী মানি নললে পুনৰ জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে চৰকাৰক।