
আমগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে নগাঁও কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ৷ অনা-অসমীয়া ব্যৱসায়ীয়ে বান সাহায্য বিচাৰি যোৱা প্ৰাক্তন আলফা সদস্যক হত্যাৰ চেষ্টা কৰা ঘটনাই সমগ্ৰ অসমক তোলপাৰ লাগে৷
ৰাজ্যৰ জাতীয়তাবাদী শিবিৰ ৰাজ পথলৈ ওলাই আহে৷ অসমীয়াৰ প্ৰভূত্ব অটুট ৰখাৰ স্বাৰ্থত ৰাজ্য জুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ নগাঁও কাণ্ডৰ দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত আজি প্ৰাক্তন আলফা সম্বন্বয়ৰক্ষী সমিতিয়ে দহটাতকৈও অধিক সংগঠনৰ সহায়ত শিৱসাগৰ জিলাৰ আমগুৰি নগৰত প্ৰতিবাদ সাব্যস্ত কৰে৷
আছু, আটাছু, বৃহত্তৰ অসমীয়া যুৱ-মঞ্চ, মহিলা সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি দহটাকৈ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনা-অসমীয়া লোকে অসমতে অসমীয়াৰ গাত হাত দিলে সহজ সৰল অসমীয়াই হিংস্ৰ হ'বলৈ বাধ্য হ'ব বুলিও হুংকাৰ প্ৰদান কৰে৷
হিন্দু বাংলাদেশী সংস্থাপনেৰে বিজেপি চৰকাৰে অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা বুলি কৈ এই কাৰ্য মুঠেও সহ্য কৰা নহ'ব বুলি প্ৰতিবাদকাৰীসকলে চৰকাৰক সকীয়নি প্ৰদান কৰে৷ নগাঁও কাণ্ডৰ দোষীয়ে আইনী প্ৰক্ৰিয়াৰে বিহিত শাস্তি নাপালে অসমত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু তাৰ বাবে চৰকাৰে অসমৰ জনগণক দোষী গণ্য কৰিব নোৱাৰিব বুলিও বিবৃতি এক বিবৃতি যোগে স্পষ্ট কৰে সংগঠন সমূহৰ বিষয়-ববীয়া সকলে৷