
আমগুৰিঃ শিৱসাগৰ জিলাত আজিও অব্যাহত আছে অবৈধ শিল-বালিৰ ব্যৱসায়৷ প্ৰশাসনৰ চকুৰ সন্মুখতে প্ৰতিদিনে একাংশ লোকে ট্ৰাক-ডাম্পাৰেৰে শিল-বালি কঢ়িয়াই লাখ লাখ ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শনিবাৰে বন বিভাগে শিৱসাগৰৰ আমগুৰিত জব্দ কৰিবলৈ সক্ষম হয় এখন বালি ভৰ্তি ট্ৰাক৷
বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই আমগুৰিত দীৰ্ঘদিনে অবৈধ বালিৰ বেহা চলি থকাৰ অভিযোগৰ মাজতে AS-04-AC-5842 নম্বৰৰ এখন বালি ভৰ্তি ট্ৰাক জব্দ কৰে আমগুৰিৰ বন বিভাগে৷ নিতৌ বহু অবৈধ বালি ভৰ্তি ট্ৰাক পাৰ হয় আমগুৰি খণ্ড বন কাৰ্যালয়ৰ সন্মুখেৰে। শিৱসাগৰ আৰু যোৰহাট জিলাৰ সীমাৰে বৈ যোৱা জাঁজী নৈত বহুকেইটা বৈধ বালি মহল আছে যদিও একাংশ অসাধু ব্যৱসায়ীয়ে নৈখনৰ বিভিন্ন স্থানত অবৈধভাৱে বালিৰ খনন কাৰ্য চলাই আহিছে।
ইয়াৰ ফলত নৈখনৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈ গৰাখহনীয়াৰ সৃষ্টি হোৱাৰ লগতে চৰকাৰে বুজন পৰিমাণৰ ৰাজহ হেৰুৱাই আহিছে। বিভিন্ন দল-সংগঠনৰ দীৰ্ঘদিনীয়া অভিযোগৰ ভিত্তিত শনিবাৰে পুৱা বন বিভাগৰ লোকে অভিযান চলাই AS-04-AC-5842 নম্বৰৰ এখন বালি ভৰ্তি ট্ৰাক জব্দ কৰে। আমগুৰি খণ্ড বন কাৰ্যালয়ৰ কৰ্মচাৰীয়ে এই ট্ৰাকখন জব্দ কৰি শিৱসাগৰ জিলা বন বিভাগলৈ ইতিমধ্যে হস্তান্তৰ কৰিছে।