15
Dec
2017

আমগুৰিঃ নৱ বৰ্ষক আদৰিবলৈ সাজু হৈছে সমগ্ৰ অসমবাসী। আমগুৰিৰ পেঙেৰা ঘাটক পৰ্যটনথলী হিচাপে গঢ়ি তুলিবলৈ জাঁজী আমগুৰি মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। শিৱসাগৰ জিলাৰ আমগুৰিত জাঁজী আমগুৰি মহোৎসৱস্থলি বীৰ পাংৰাও ক্ষেত্ৰৰ বনভোজ থলী মুকলি কৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।
প্ৰথম বাৰৰ বাবে জাঁজী নৈৰ পাৰৰ বীৰ পাংৰাও ক্ষেত্ৰত সমুহ জাঁজীপৰীয়া ৰাইজৰ সহযোগত সপ্তাহজোৰা কাৰ্য্যসূচীৰে হ'ব লগা অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সন্মিলন, সাংবাদিক সন্মিলন, বাণিজ্য মেলা, জনগোষ্ঠীয় খাদ্য মেলাৰ লগতে বিভিন্ন খাদ্যমেলা অনুষ্ঠিত হ'ব। মহোৎসৱৰ বনভোজথলী মুকলি কৰি বিজেপিৰ সভাপতিগৰাকীয়ে অঞ্চলক পৰ্যটনস্থলি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব বুলি আশ্বাস প্ৰদান কৰে।