
newsnextone.com | গুৱাহাটীঃ বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ৷
উত্তৰ পূৰ্বাঞ্চলৰ কংগ্ৰেছ বিৰোধি মুখ্যমন্ত্ৰীসকলৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ বিৰোধী দলৰ সৈতে মিত্ৰজোঁট গঢ়াৰ লক্ষ্যৰে শ্বাহে অসম ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে৷
আগন্তুক নিৰ্বাচন সন্দৰ্ভত বিশেষ ৰণকৌশল ৰচনা কৰিব বুলি প্ৰচাৰ আৰম্ভ হৈছে৷ শ্বাহে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ নেতা ৰাজ্যৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে সুকীয়াকৈ মিলিত হৈ শেহতীয়াকৈ অসমত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ খবৰ পোৱা গৈছে৷
আনহাতে ৰাজ্যৰ দুটাকৈ জাতীয়তাবাদী সংগঠনে শ্বাহৰ অসম ভ্ৰমণক লৈ সোচ্চাৰ হৈ পৰিছে৷ শনিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেৱল নিৰ্বাচনৰ বাবেহ শ্বাহে অসমলৈ আহিব বুলি কৈ এই ভ্ৰমণৰ বিৰোধিতা কৰে৷ আঞ্চলিক দল অগপক অমিত শ্বাহৰ সভালৈ নাযাবলৈ আহ্বান জনাই অখিল গগৈয়ে৷
অখিল গগৈয়ৈ নেডাৰ সভালৈ নাযায় অগপক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি দেখুৱাবলৈ কয়৷ অসমবাসীৰ অস্তিত্বৰ আৰু সংকটৰ কথা শুনিবলৈ নহয় শ্বাহে নিৰ্বাচনৰ বাবেহে অসমলৈ আহিব বুলি কয় কৃষক নেতা অখিলে।