ডিফুঃ কাৰ্বি পাহাৰৰ এগৰাকী ৰাজনৈতিক নেতাৰ জীয়ৰী যদিও তাইৰ মুঠেও স্পৃহা নাই ৰাজনীতিৰ প্ৰতি৷ পাহাৰৰ লুং-লুঙুীয়া বাট পথত খেল-ধেমালি কৰি ডাঙৰ হোৱা অমৃতাই ৰাজনীতি নকৰি আন কামেৰে সমাজ সেৱা কৰিব বিচাৰে৷ পিতৃ পাহাৰীয়া ৰাজনীতিৰ মহীৰূহ যদিও জীয়ৰীৰ ৰাজনীতিৰ প্ৰতি তিলমানো আগ্ৰহ নাই৷

দ্বাদশ কাৰ্বি স্বায়ত্ত পৰিষদত কাৰ্যবাহী সদস্যৰ স্থান লাভ কৰা ৰতন তেৰণৰ কনিষ্ঠ কন্যা অমৃতা টেৰণপীয়ে নকৰে ৰাজনীতি৷ দক্ষ ৰাজনীতিজ্ঞ, সাংসদ বিধায়ক, পৰিষদৰ সদস্য নোহোৱাকৈও এগৰাকী লোকে বিভিন্ন ক্ষেত্ৰত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি সমাজৰ হকে, দহৰ হকে নিঃস্বাৰ্থ সেৱা আগবঢ়াব পাৰি বুলি কয় অমৃতাই৷

যুৱ-প্ৰজন্মই কেৱল ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহৈ অধ্যাৱসায়ৰ বলত সু-শিক্ষাৰে শিক্ষিত হৈ পিছপৰা পাহাৰীয়া জিলাখনৰ সৰল-সহজ জনগোষ্ঠীয় ৰাইজক একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ আলোকময় যাত্ৰাৰ সহযাত্ৰী কৰিবলৈ চেষ্টা কৰা উচিত বুলি মন্তব্য কৰে অমৃতাই৷

সহজ-সৰল লোকসকলৰ জীৱন প্ৰণালীৰ মানদণ্ড উন্নত কৰাৰ লগতে কাৰ্বি পাহাৰৰ পৰম্পৰা, কলা-কৃষ্টি সংস্কৃতি আৰু কাৰ্বি ভূমিৰ প্ৰচূৰ সম্ভাৱনাময় খনিজ, বনজ আৰু কৃষিজাত সামগ্ৰীৰ সদ ব্যৱহাৰ কৰি পাহাৰীয়া জিলাখনৰ পৰিচয় বিশ্ব দৰবাৰত দাঙি ধৰাত সকলোকে আগ-ভাগ ল'বলৈকো আহ্বান জনাই অমৃতাই৷

যোৱা ২৮ জুলাইত গুজৰাটৰ জোনাগৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা ৮৩.৫ শতাংশ নম্বৰেৰে ডিষ্টিংছনসহ প্ৰথম বিভাগত এম টেক পৰীক্ষাত উত্তীৰ্ণ হৈ পাহাৰীয়া জিলা কাৰ্বি আংললৈ গৌৰৱ কঢ়িয়াই অানে অমৃতা টেৰণপীয়ে৷

পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণৰ কণ্যা অমৃতা টেৰণপীয়ে ডিফুৰ স্প্ৰিংডেল স্কুলত প্ৰাক প্ৰাথমিক শিক্ষা আৰম্ভ কৰি ডিফু ডনবস্ক হায়াৰ চেকেণ্ডাৰী স্কুলত কেজি ১ আৰু ২ত অধ্যয়ন কৰি প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে চেণ্ট্ৰেল স্কুলত পঢ়ে৷ গুৱাহাটীৰ কাজিৰঙা ইংলিছ স্কুলৰ পৰা ডিষ্টিংছন সহ ৮৯ শতাংশ নম্বৰ সহ মেট্ৰিক পাছ কৰে৷

ইয়াৰ পিছত ডিব্ৰুগড় ছল্টব্ৰুক স্কুলত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ শিলচৰ বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিভাগৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ বি টেক কৰি গুজৰাটৰ কৃষি বিশ্ববিদ্যালয়ত এম টেকত নাম ভৰ্তি কৰে৷ সুখ্যাতিৰে এম টেকত উত্তীৰ্ণ হৈ অমৃতাই কাৰ্বি পাহাৰলৈ কঢ়িয়াই আনিছে গৌৰৱ৷