বিলাসীপাৰাঃ বিলাসীপাৰা জিলা আমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আঃ ওহাব মণ্ডলৰ সভাপতিত্বত নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পিঁয়াজবাৰী হাইস্কুল খেল পথাৰত বুধবাৰে দিনৰ ২ বজাত প্ৰায় দুই হাজাৰৰ অধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় এই মুকলি সভা। 

উক্ত সভাত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ, আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, আমছুৰ সহ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, আমছুৰ প্ৰাক্তন উপ-সভাপতি দ্বয় জহিৰুল হক আৰু মনোৱাৰ হুছেইন আৰু অনান্য কাৰ্যকৰ্তা সকল। সমূহ বিষয়ববীয়া সকলোক সম্বৰ্ধনা জনাই আমছু জিন্দাবাদ ধ্বনিৰে সভাখনৰ আৰম্ভ হয়। বৰ্তমান ৰাজ্যৰ চৌদিশে চলি থকা ৰাজনৈতিক পৰিস্থিতি আৰু সংখ্যালঘু ৰাইজৰ শেহতীয়া এন আৰ চিৰ সমস্যা আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পৰ্কে আলোচনা আগবঢ়ায়। 

সভা খনৰ মুখ্য বক্তা তথা আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে ভাষণত কয় যে ড৹ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাৰ হিন্দু আৰু মুছলমানৰ মাজত বিভাজন কৰিব বিচাৰিছে সেইটো কেতিয়াও বাস্তৱায়িত কৰিবলৈ নিদিয়ে আমছুয়ে। সাম্প্ৰদায়িক হিংসা আমছুয়ে নকৰে আৰু ধুবুৰী জিলাত বাস কৰা সকলো ধৰ্মাৱলম্বীৰ লোকৰ মাজত সহায় সহযোগিতা আগবঢ়াই লোৱাত আমছুয়ে ভূমিকা পালন কৰি আহিছে। সমূহ বক্তাৰ ভাষণৰ অন্তত সকলোৱে মিলি সংগঠনৰ নিয়ম-নীতিৰ প্ৰতিজ্ঞা পাঠৰ পিছত সামৰণি পৰে উক্ত মুকলি সভাৰ।