মোৰাঝাৰঃ এটাৰ পিছতে আন এটা সন্ত্ৰাসৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অমৰনাথ তীৰ্থযাত্ৰীসকলক সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণ আৰু হাৰিয়ানাৰ হিচাৰত মছজিদৰ ইমামৰ ওপৰত কৰা অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আমছুৰ নেতৃত্বত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। 

শুকুৰবাৰে নামাজৰ পিছতে হোজাইৰ মোৰাঝাৰ জামে মছজিদতত মোৰাজাৰ আঞ্চলিক আমছু আৰু সচেতন ৰাইজৰ সহযোগত ক’লা বেজ পৰিধান কৰি দেশৰ শান্তিৰ কাৰণে দোৱা কৰা হয়। আমছুৰ নেতৃত্বই সকলো শ্ৰেণীৰ ৰাইজে শান্তি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহব্বান জনায়।