গুৱাহাটীঃ যোৱা বিধান সভা নিৰ্বাচনত অগপ দলে ৰাইজৰ তথা অগপ দলৰ তৃণমূল কৰ্মীৰ আহ্বানক উলাই কৰি ৰাষ্ট্ৰীয় দল বিজেপিৰ সৈতে মিত্ৰজোঁট কৰে৷ বিজেপিৰে মিত্ৰ জোঁটৰ কৰি নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাৰ নাৰাজ হৈছিল একাংশ নেতা-কৰ্মীয়ে৷ আঞ্চলিকতাবাদৰ প্ৰকৃত ধৰ্ম জীয়াই নাৰাখি অগপই ৰাষ্ট্ৰীয় দলৰ সৈতে লগ লাগি নিৰ্বাচনত অৱতীৰ্ণ হোৱাত নাৰাজ হৈছিল বহু তৃণমূল কৰ্মীৰ লগতে একাংশ কেন্দ্ৰীয় নেতা৷

তাৰ লগে লগে একাংশ লোকে অগপক দলক এৰি সুকীয়াকৈ দল গঠন কৰিছিল৷ দলটোৰ নাম দিছিল আঞ্চলিকতাবাদী অসম গণ পৰিষদ৷ যোৱা দুটা বছৰে নকৈ জন্ম দিয়া দলটোৰ নেতা-কৰ্মীসকলে ৰাজনীতিৰ পথাৰত সক্ৰিয় হৈ নাছিল যদিও গোপনে মিলিত হৈ কাম কৰি গৈছিল৷ শেহতীয়াকৈ দলটোৱে সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে৷ 

সোমবাৰে গুৱাহাটীৰ জিলা পুথিভড়াল আৰু থকা অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনত আঞ্চলিকতাবাদী অসম গণ পৰিষদ দলৰ যোগদান কাৰ্যসূচী তথা এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ অনুষ্ঠানৰ আৰম্ভনিতে ডবা-কাঁহ বজাই অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে অসমৰ ৰাজনীতিত সমীকৰণ সলনি কৰিবলৈ নৰূপত আত্মপ্ৰকাশ কৰে৷ ছাত্ৰৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ অহা তথা কেইবা বছৰ ধৰি ৰাজনীতিত সক্ৰিয় হৈ থকা আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সভাপতি সুনীল ৰাজকোঁৱৰে অগপ দলক তীব্ৰ সমালোচনা কৰে৷

অগপ দলে বিজেপি দলৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰিবলৈ গৈ দলটোৰ আঞ্চলিক চৰিত্ৰ হেৰুৱাই পেলাইছে বুল কয় সুনীলে৷ সেয়েহে সচাঁ অৰ্থত অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ এক শক্তিশালী আৰু প্ৰকৃত আঞ্চলিকতাবাদী দলৰ প্ৰয়োজন হৈছে বুলি কয়৷ অগপই বিজেপিৰ সৈতে মিতিৰালি কৰাৰ লগে লগে বিজেপিয়ে অসম বিৰোধি কাৰ্যকলাপ কৰিব ধৰিছে বুলি কয়৷ অগপই জাতিটোক চূড়ান্ত বিশ্বাসঘাটকতা কৰাৰ লগতে অবৈধ বাংলাদেশী নাগৰিকক সংস্থাপন তথা হিন্দী ল’বিৰ আগ্ৰাসন, বৃহৎ নদীবান্ধ আদিকৰ ক্ষেত্ৰত অগপই নিমাত বুলি কয়।

অসমৰ জনসাধাৰণৰ স্বাৰ্থত আৰু অগপ দলৰ ভণ্ড, প্ৰতাৰক আৰু সুবিধাবাদী চৰিত্ৰৰ বিৰুদ্ধে আঞ্চলিকতাবাদী অসম গণ পৰিষদ দলে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বী লোক আৰু ভাষা-ভাষীৰ মানুহক আস্থাত লৈ ৰাইজৰ হকে অনাগত দিনত কাম কৰি যোৱাৰ সংকল্প লয় ৰাজকোঁৱৰে৷ সচা অৰ্থত অসমৰ মানুহৰ জাতি, মাটি, ভেটি আৰু পানী ৰক্ষা হয় দলটোৱে সেই লক্ষৰে আগবাঢ়ি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হয়৷ অনুষ্ঠানৰ আৰম্ভণিতেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু লোকে সভাপতি সুনীল ৰাজকোঁৱৰ নেতৃত্বত দলটোৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰে৷

এই অনুষ্ঠানৰ আত ধৰি এখন আলোচনা চক্ৰও অনুষ্ঠিত হৈ যায়৷ আলোচনা চক্ৰৰ মূল বিষয় আছিল ‘সাম্প্ৰতিক সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰকৃত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা’৷ এই অনুষ্ঠানৰ আত ধৰে বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ আৰু সমাজসচেতক ড০ দীনেশ বৈশ্য আৰু দৈনিক অসম কাকতৰ এসময়ৰ সম্পাদক আৰু চৰকাৰী উচ্চ পদস্থ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা চিন্তাবিদ জ্যোতিপ্ৰসাদ শইকীয়াই৷ অসমত যে সচাকৈয়ে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে এই কথা দুয়োজন চিন্তাবিদে গভীৰ ভাবে ব্যক্ত কৰে৷

ড০ দীনেশ বৈশ্যই আমাৰ সম্পদ, আমাৰ অধিকাৰ ৰক্ষাৰ হকে যি প্ৰকৃততে শাসনতন্ত্ৰৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব পাৰিব আৰু জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰিব সেই দলেহে আঞ্চলিকতাবাদক ৰক্ষা কৰিব পাৰিব বুলি কয়৷ আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ হলে নেতৃত্বৰ বিভিন্ন বিষয়ত সুক্ষ্মতি সুক্ষ্ম জ্ঞানৰ প্ৰয়োজন বুলি কয় ড০ বৈশ্যই।

আনহাতে জ্যোতিপ্ৰসাদ শইকীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহক দিল্লীৰ চৰকাৰ তথা ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ মানুহে আজিও ভাল দৃষ্টিৰে নাচায় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কবলৈ গলে এক ঔপনিবেশিক দৃষ্টিৰে এই অঞ্চলৰ মানুহক গণ্য কৰে। সেয়েহে প্ৰকৃত আঞ্চলিকতাবাদেহে অসমৰ মানুহৰ প্ৰতি ভাৰতবৰ্ষৰ অন্য মানুহৰ মনোভাব সলনি কৰিব পাৰিব বুলি কয় শইকীয়াই।সেয়েহে উত্তৰ-পূৰ্বাঞ্চলক কৰা লুণ্ঠন, শোষণ আৰু ঔপনিবেশিক আচৰণৰ বিৰোধীতা কৰিবলৈ আমাক এক শক্তিশালী আঞ্চলিকতাবাদৰ প্ৰয়োজন আছে বুল কয়৷ সভাত ৰাজ্যৰ বিভিন্ন প্ৰন্তৰ বহু লোকে আঞ্চলিকতাবাদী অসম গণ পৰিষদ দলত যোগদান কৰে৷