13
Jun
2017

ডিজিটেল ডেস্কঃ সুৰা পান কৰা দৰাৰ লগত বিয়াত বহিবলৈ অমান্তি হোৱা খবৰ আপুনি নিশ্চয় শুনিছে৷ কিন্তু এইবাৰ দৰাই গুটখা খোৱাৰ বাবেই বিয়াত বহিবলৈ অমান্তি হ’ল কইনা৷
এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ বালিয়া জিলাত৷ ঘটনা অনুসৰি ৰাতি দৰাঘৰীয়াই কইনাৰ গৃহত উপস্থিত হয়৷ কিন্তু মণ্ডপত গুটখা চোবাই থকা দৰাক দেখি খঙে চুলিৰ আগ পালে কইনাৰ৷
সকলোকে হতবাক কৰি বিয়াত বহিবলৈ অমান্তি হ’ল কইনা৷ কইনাক মনাব নোৱাৰি কইনাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে দৰাঘৰীয়াই৷ তথাপিও নিজৰ মতত অলৰ-অচৰ হৈ ৰ’ল কইনা৷