নলবাৰীঃ ৰাজ্যত পুনৰ হাঁহিৰাম মন্ত্ৰীৰ নিস্কৰ্ম বিভাগে সংঘটিত কৰিলৈ দুৰ্ঘটনা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ বিভাগৰ নিস্কৰ্মতাৰ বলি হৈ শ শ মানুহ আৰু পশুৰ মৃত্যু সংঘটিত হৈ থকাৰ মাজতে শুকুৰবাৰে নলবাৰী চহৰৰ মাজতে সংঘটিত হ’ল আন এক দুৰ্ঘটনা৷ নলবাৰী মহাবিদ্যালয়ৰ সমীপৰ বিদ্যুৎ প্ৰবাহিত আইৰণ পোষ্টত লাগি শুকুৰবাৰে ৩ টা গৰুৰ মৃত্যু ঘটে৷

আনৰ সভাত হাঁহিৰ ঢৌ তুলি হাঁহিৰাম মন্ত্ৰীৰ আখ্যা লাভ কৰা বিদ্যুৎমন্ত্ৰী পল্লৱ লোচন দাসৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিতে এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে৷ উল্লেখ্য যে, নলবাৰী চহৰৰ মাজমজিয়াত আইৰণ পোষ্টৰ সলনি পকী খুঁটা ব্যৱহাৰ কৰিবলৈ নলবাৰী চহৰবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন কৰাৰ পাছতো এতিয়ালৈকে গা লৰা নাই বিদ্যুৎ বিভাগৰ৷

বিদ্যুৎ প্ৰবাহিত আইৰণ পোষ্টত লাগি পূৰ্বতেও বহুবাৰ জীৱ-জন্তুৰ লগতে মানুহো আঘাতপ্ৰাপ্ত হৈছে৷ পুনৰ শুকুৰবাৰে তেনে ঘটনা সংঘটিত হৈ অমতা পশুধনৰ মৃত্যু ঘটাত অঞ্চলজুৰি তীব্ৰ বিক্ষোভৰ সৃষ্টি হৈছে৷ বিদ্যুৎ বিভাগে শীঘ্ৰে কোনো ব্যৱস্থা নললে স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভাবুকি প্ৰদান কৰিছে৷