গুৱাহাটীঃ ককা আইতাৰ সৈতে চোতালত ঢাৰিত বহি সাধু শুনি টোপনী যোৱাৰ স্মৃতি বোৰ আপোনাৰ আজিও চাগে সজীৱ হৈ আছে৷ সাধু কথাতেই ভূত-প্ৰেত, হাবি-জংঘল, দস্যু, চিকাৰী, বাঘ-ভালুক সকলো আমাৰ চকুৰ আগত জীৱন্ত ৰূপত ভাহি উঠিছিল৷ তাৰ লগে লগে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথাবোৰ পঢ়ি পোৱা আমোদ আজিও মনত পৰে৷ 

ৰসৰাজৰ লগতে কেবাগৰাকী সাহিত্যিকৰ  সাধু কথাবোৰৰ কাহিনী আমাৰ স্মৃতিত আজিও সজীৱ হৈ আছে৷ আইতাৰ মুখেৰে চোতালত বহি সাধু শুনাৰ মাদকতা জ্যেষ্ঠ সকলৰ মনত আজিও হেন্দোলনী দিয়ে যদিও এতিয়াৰ প্ৰজন্মৰ বাবে তাহানিৰ সেই প্ৰতিচ্ছবি খন এক অলৌকিক কল্পনা মাথোন৷ এতিয়া তথ্য আৰু প্ৰযুক্তি বিদ্যাই সকলো সলনি কৰি পেলালে৷

এতিয়া শৈশৱ কালৰে পৰা মোবাইল পিটিকি, টিভিৰ ৰিমট পিটিকি ডাঙৰ হয় সন্তান৷ বিশেষকৈ কিশোৰে-শিশুৰ মনোৰঞ্জনৰ অন্যতম আহিলা হৈ পৰিছে দুৰদৰ্শনৰ পগ' ডিজনীকে ধৰি বিভিন্ন চেনেলত প্ৰচাৰিত হিন্দী-ইংৰাজী ভাষাৰ কাৰ্টুন তথা এনিমেশ্যন ছবিবোৰ ৷ শিশুৰ লগতে বয়োজ্যেষ্ঠ লোকও মনোৰঞ্জনৰ বাবে চাবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে এনিমেশ্যন ছবিবোৰ৷

 

কিন্তু অসমীয়া ভাষাত এনিমেশ্যন ছবি পোৱা নাযায়৷ অসমৰ তাহানিৰ সাধু কথা বোৰকো অসমীয়া ভাষাত এনিমেশ্যন ছবি আকাৰে নিৰ্মাণ কৰিবলৈ কোনো লোক ওলাই অহা পৰিলক্ষিত হোৱা দেখা নাযায়৷ তাৰ মাজতে একাংশ লোকে প্ৰয়াস কৰিছে অসমৰ মাটিৰ গোন্ধ থকা এনিমেশ্যন ছবি নিৰ্মান  কৰিবলৈ৷এই ক্ষেত্ৰখনত ড০ গৌতম কুমাৰ দাসে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

বিগত বৰ্ষত মঞ্জু বৰা পৰিচালিত এনিমেশ্যন ছবি ‘সৰ্বগুনাকৰ শ্ৰীমন্ত শংকৰদেৱ’ৰ এনিমেশ্যন পৰিচালনা কৰা গৌতম দাসে ত্ৰৈলোকেশ্বৰী বৰুৱানী ৰচিত জনপ্ৰিয় ‘চাউলপুৰীয়া’ সাধুটো কিছু সংবৰ্দ্ধণ কৰি প্ৰায় ৯০ মিনিট দৈৰ্ঘ্যৰ ছবি হিচাপে নিৰ্মাণ কৰিছে।

সৰ্বস্তৰৰ দৰ্শকৰ উপভোগ্য হোৱাকৈ নিৰ্মাণ কৰা কাৰ্টুন এনিমেশ্যনৰ শুদ্ধ ব্যাকৰণ ছবিখনত প্ৰয়োগ কৰা হৈছে। অসমীয়া কথা শিল্প জগতৰ কালজয়ী সাধু সমুহৰ শিশুৰ মাজত অধিক জনপ্ৰীয় কৰাৰ প্ৰয়াস কৰা দেখা গৈছে৷ পৰিচালক দাসে পৰিয়ালৰ সকলোৰে উপভোগ্য কৈ নিৰ্মাণ কৰা চাউলপুৰীয়া নামৰ এনিমেশ্যন ছবি খনে এইবছৰৰ শেষৰ ফালে মুক্তি লাভ কৰিব৷ পৰিচালক গৰাকীৰ এই প্ৰয়াসক ৰাজ্যবাসীয়ে আকোৱালি লব বুলি আশা কৰিব পাৰি৷