
ডিজিটেল ডেস্কঃ ইউপিএ চৰকাৰৰ কালত তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শাসনৰ সময়ছোৱাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমগ্ৰ দেশত জনমত গঠন কৰিবলৈ সক্ষম হোৱা প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেই পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে৷
যোৱাটো লোক সভা নিৰ্বাচনত কংগ্ৰেছে মুখ থেকেচা খোৱাৰ অন্যতম এটা কাৰণ আছিল আন্না হাজাৰেৰ আন্দোলন৷ জন লোকপাল আইনত পৰিণত কৰা, দুৰ্নীতি আদিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ দেশত জনমত গঠন কৰিবলৈ সক্ষম হৈছিল যদিও বিজেপিৰ চৰকাৰ অহাৰ পিছৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰা নাই৷ যাৰ বাবে সময়ে সময়ে ছচিয়েল মিডিয়াত সমালোচনাৰো সন্মুখীন হৈ আহিছে নেতাগৰাকীয়ে৷ কিন্তু বিজেপি চৰকাৰৰ ৫টা কাৰ্যকাল সমাপ্ত হোৱাৰ দিশে আগবঢ়াৰ সময়তে আন্নাই পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি খবৰ প্ৰচাৰ হৈছে৷
ঠাই বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰবীণ গান্ধীবাদী নেতা তথা দেশৰ সমাজকৰ্মী আন্না হাজাৰে৷ দেশৰ দুৰ্নীতি, দৰিদ্ৰতা, নিৱনুৱা সমস্যা তথা জনলোকপাল বিধেয়ক আইনত পৰিণত কৰাৰ দাবীত সক্ৰিয় প্ৰতিবাদ কৰি অহা আন্না হাজাৰে বিগত ছয় বছৰে আন্দোলন কৰি আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই৷
কৃষক তথা সৰ্বসাধাৰণৰ সমস্যা পূৰণৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত আন্না হাজাৰে পুনৰ আন্দোলন কৰিবৰ বাবে সোমবাৰে আন্দোলনৰ ক্ষেত্ৰ বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে৷ সৰ্বসাধাৰণৰ সমস্যা পূৰণক লৈ হাজাৰে ২৩ মাৰ্চত আন্দোলন চলাব৷
হাজাৰে লগতে বিগত বৰ্ষৰ নৱেম্বৰত আন্দোলনৰ স্থল বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু দিল্লী আৰক্ষী তথা পৌৰ নিগমৰ বিষয়ালৈ আৰ্জি প্ৰেৰণ কৰিছিল যদিও তেওঁলোকৰ পৰা কোনো সঁহাৰি নোপোৱাৰ কথা জানিবলৈ দিয়ে৷ তদুপৰি আন্না হাজাৰে লোকপাল বিধেয়ক গৃহীত কৰা আৰু কৃষি সংকট ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰীলৈ ৪৩খন পত্ৰ প্ৰেৰণ কৰিছে যদিও কোনোধৰণৰ সুদোত্তৰ নাপালে বুলি কয়৷ আন্না হাজাৰে লগতে চৰকাৰে তথ্য জনাৰ অধিকাৰ আইনক দুৰ্বল কৰি পেলাইছে বুলিও অভিযোগ উত্থাপন কৰে৷