দেওমৰনৈঃ  মঙলবাৰে দৰং জিলাৰ দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখন বিশেষ সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগত বিদ্যালয়ৰ পতাকা উত্তোলন কৰি পৰিৱেশ নিকাকৰণ, বন্তি প্রজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হয় সভা৷

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভৱকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্বোধন কৰে দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন গোস্বামীয়ে৷ সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে মংঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলাৰ বিদ্যালয় সমূহৰ পৰিদর্শক নগেন চন্দ্ৰ বড়ো আৰু দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ গীতালি কলিতা।

সভাত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বটাঁ প্ৰাপ্ত তথা ৰাজঘাট হাইস্কুলৰ শিক্ষক ভাৰত ভূষণ মহন্ত আৰু জিলা কৃতী শিক্ষকৰ বটাঁ প্ৰাপ্ত তথা কমলা কুঁৱৰী বালিকা মজলীয়া বিদ্যালয়ৰ শিক্ষক হৰেন্দ্ৰ নাথ শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰে।