নলবাৰীঃ নলবাৰীৰ নাট্য মন্দিৰ প্ৰাংগনত অসম সাংবাদিকৰ সংগ্ৰামী মঞ্চ, আছাম প্ৰেছ কৰেছপণ্ডেন্টেছ ইউনিয়ন (আপকু)ৰ ৰূপালী জয়ন্তী সমাৰোহৰ বিশেষ অনুষ্ঠান তথা আপকুৰ নলবাৰী জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস বৃস্তিত কাৰ্যসূচীৰে ১০ আৰু ১১ ছেপ্টেম্বৰত উদযাপন কৰা হ’ব।

আজি প্ৰথম দিনাৰ মুকলি সভাখন নলবাৰী জিলা আপকুৰ সভাপতি তথা সাংবাদিক আব্দুল মজিদৰ সভাপতিত্বত অনুষ্ঠিত হয় নলবাৰী নাট্য মন্দিৰত। জিলা সম্পাদক চম্পক বৈশ্যই আতঁ ধৰা সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, আপকুৰ ৰাজ্যিক নেতা মনোজ সিং সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাত বিধায়ক অশোক কুমাৰ শৰ্মাই ভাষণত কয়- সাংবাদিক সকলে নিজৰ ভিতৰত ইৰ্ষা পৰায়ণ হব নালাগে। মাথো কোনে কেনেদৰে বিশেষ বাতৰি লিখি নিজৰ প্ৰতিভা দাঙি ধৰিব পাৰে সেয়া হে ইৰ্ষা হ’ব লাগে। কাৰণ আমাৰ সমাজখনৰ অন্যতম অংশ সাংবাদিকসকল।

সভাত আপকুৰ ৰাজ্যিক নেতা মনোজ সিংয়ে কয় আপকুই জন্মলগ্নৰে পৰা সাংবাদিক সকলৰ বাবে মাত মাতি আহিছে। আগলৈও মাত মাতি যাব। সাংবাদিক সকলৰ বিৰুদ্ধে ষড়যন্ত্ৰও আছে, সেইবাবে সাংবাদিক সকলে চাই চিন্তি খোজ দিব লাগে বুলি দোহাৰে আপকুৰ ৰাজ্যিক নেতা গৰাকীয়ে৷