
যোৰহাট/ডিব্ৰুগড়ঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজ, অসমে৷ সংগঠনটোৰ যোৰহাট জিলা সমিতিয়ে শুকুৰবাৰে দিনৰ ১২ বজাৰ পৰা টিয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।
সংগঠনটোৰ প্ৰায় অৰ্ধশতাধিক নেতা-ক্ৰমীয়ে টিয়ক আৰু মুদৈজান নৈৰ খননৰ নামত সংঘটিত ব্যাপক দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে৷
চৰকাৰে নৈ দুখন খননৰ বাবে আৱন্টন দিয়া ১১ কোটি টকা একাংশ বিষয়া-ঠিকাদাৰে লগ লাগি হৰলুকি কৰা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে৷
কেলেংকাৰীৰ তদন্ত কৰাৰ লগতে দোষীক শাস্তি দিয়া, কাৱৈমাৰী গোঁহাই গাঁৱৰ জাঁজী নৈৰ গৰাখহনীয়া ৰোধৰ নামত আৱন্টন দিয়া প্ৰায় ১ কোটি ৫০ লাখ টকাৰ কেলেংকাৰীৰ মূল অভিযুক্ত পূৱ টিয়ক গাঁও পঞ্চায়তৰ সচিব বিজন্দ্ৰ বৰঠাকুৰক গ্ৰেপ্তাৰ কৰা আৰু টিয়কত এটা বিজ্ঞান সন্মত প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে সংগঠনটোৱে৷
সংগঠনটোৰ নেতা-কৰ্মীয়ে শুকুৰবাৰৰ পুৱাৰে পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷