
তিনিচুকীয়া/গুৱাহাটীঃ ৩৯ বছৰত ভৰি দিলে আলফাই৷ সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা তথা সংযুক্ত মুক্তি বাহিনী স্বাধীনে শনিবাৰে ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। ঐক্যবদ্ধ জাতীয় মুক্তি সংগ্ৰামৰ দৃষ্টিভংগীৰে বিগত কেইবাটাও দশকজুৰি ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে এক চৰম বিৰোধী শক্তি হিচাপে সমগ্ৰ দক্ষিণ-পূব এচিয়াতে পৰিচিত সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস দুয়োটা গোটে পালন কৰা বুলি খবৰ আহিছে৷
বৰ্তমান সংগঠন মেৰু বিভাজন হোৱা আলফাৰ এটা গোটক আলোচনা পন্থী গোট আৰু আন এটা গোটে আজিও জংঘলত থাকি পৰেশ বৰুৱাৰ নেতৃত্বত সংগ্ৰাম চলাই গৈছে৷ ১৯৭৯ৰ ০৭ এপ্ৰিলৰ দিনটোতে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰা আলফাৰ পৰেশ গোটে বৰ্তমানো স্বাধীন অসমৰ দাবীত ভাৰত চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। অসমৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰি থকা নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী দুটা বভাগত বিভক্ত হলেও দুয়োটা গোটে সংগ্ৰাম অব্যাহত ৰাখিছে৷
৩৯ সংখ্যাক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাইজক উদ্দেশ্যি কি কলে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই...থোৰতে পঢ়ক
►অভিভাষণ আকাৰে প্ৰকাশ কৰা এটি বিবৃতিত ৰাজখোৱাই কয় যে ৰাইজৰ আৰ্শীবাদ লৈ ৰাইজৰ বাবেই ৭ এপ্ৰিল অৰ্থাৎ আজি সংযুক্ত মুক্তি বাহিনীৰ ৩৯তম প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হ’ব৷ অসমৰ অসমীয়া জাতি আৰু খিলঞ্জীয়া লোকৰ সাৰ্বভৌম অধিকাৰ প্ৰতিষ্ঠা কৰি নিঃস্বাৰ্থ ভাৱে জীৱন দান কৰা শ্বহীদসকলৰ স্মৃতিত আয়োজন অনুষ্ঠিত কৰা হ’ব৷
১৯৭৯ চনৰ ৭ এপ্ৰিলত অসমৰ খিলঞ্জীয়া জনসমাজৰ ওপৰত চলা ভাৰতীয় শাসন ব্যৱস্থাটোৱে ঔপনিৱেশিক চৰিত্ৰটোৱে যি ৰাজনৈতিক, অৰ্থনৈতিক, সমাজিক আৰু সাংস্কৃতিক পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেই পৰিস্থিতিয়ে অসমৰ জনগণক সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰামত জপিয়াই পৰিবলৈ বাধ্য কৰিছিল৷ যাৰ বাবে অসমৰ জনসাধৰণে অবৰ্ণনীয় নিৰ্যাতন, বলিদান, ক্ষয়-ক্ষতিৰ সন্মিুখীন হ’ল৷ সেই অৱস্থা আজিও আছে৷
জাতীয় দায়বদ্ধতাৰ খাতিৰত অসমীয়া খিলঞ্জীয়া জনসমাজৰ উত্তৰ পুৰুষৰ ভৱিষ্যত সুনিশ্চিত কৰা আৰু জাতীয় অধিকাৰে নিজৰ অসমত মৰ্যাদা সহকাৰে জীয়াই থকাৰ নিশ্চয়তা প্ৰদানৰ স্বাৰ্থতে সংগ্ৰামী কৰ্তব্য পালনৰ জাতীয় দায়িত্ব আজিও আছে৷
অসমৰ জনগণক শাসন কৰি থকা ৰাষ্ট্ৰ ব্যৱস্থাটোৰ পৰা ঔপনিৱেশিক চৰিত্ৰৰ প্ৰভাৱ আৰু প্ৰভুত্ব উৎসাত কৰিবলৈ অসমৰ সমূহ জাতি-জনজাতি-জনগোষ্ঠী, ধৰ্ম-বৰ্ণ, সম্প্ৰদায়, নিৰ্বিশেষে ৰাজনৈতিক দল-সংগঠন, কৃষক, শ্ৰমিক আৰু ছাত্ৰ সমাজে কাম কৰি যোৱাটোৱে একমাত্ৰ বিকল্প৷ ঔপনিৱেশিক চৰিত্ৰক উৎসাত কৰিবলৈ ঐক্যবদ্ধ হৈ থাকিব লাগিব অসমৰ জনগণ৷
ভাৰতীয় ৰাষ্ট্ৰীয় ব্যৱস্থাৰ ঔপনিৱেশিক চৰিত্ৰই হাজাৰ চমক দেখুৱা স্বত্বেত্ত অসমৰ জনসাধাৰণক প্ৰলোভিত কৰিব পৰা নাই৷ পতিয়ন নিবলৈ চেষ্টা কৰি ঠগ প্ৰৱঞ্চনাৰে গোলামীতা, নিৰ্যাতিত, শোষণ কৰাৰ অভিপ্ৰায় কেতিয়াও পৰিত্যাগ নকৰে৷ এয়াই হৈছে বিগত বছৰৰ নিৰ্মোহ বাস্তৱ অভিজ্ঞতাৰ শিক্ষা৷
অসমৰ জনসাধাৰণক শান্তিপূৰ্ণ ৰাজনৈতিক সমাধানৰ প্ৰতিশ্ৰুতি দিছিল সংযুক্ত অসম মুক্তি বাহিনীয়ে৷ ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ২০১১ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা এই ২০১৮ বৰ্ষৰ ৭ এপ্ৰিললৈকে সম্পূৰ্ণ ৭ বছৰ এমাহ ২৭ দিনে এই প্ৰক্ৰিয়াটোত বৰ্তমানেও সংযুক্ত মুক্তি বাহিনীয়ে নিজৰ কামত ব্ৰতী হৈ আছে৷
আমি আমাৰ স্বধীনতাৰ সাৰ্বভৌমত্বৰ প্ৰসংগ ১৯৪৬ চনৰ ৯ ডিচেম্বৰত অনুষ্ঠিত কৰা ভাৰত যুক্তৰাষ্ট্ৰ সংবিধান পৰিষদত ভাৰত যুক্তৰাষ্ট্ৰত সংযুক্ত হ’ব বিচৰা সকলো জাতিৰ সাৰ্বভৌমত্ব উমৈহতীয়া ভাবে সুৰক্ষা কৰাৰ উত্থাপিত আৰু গৃহিত প্ৰস্তাৱক সেই সময়ৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে সমৰ্থন জনোৱাৰ ভিত্তিতে সংযুক্ত মুক্ত বাহিনীয়ে আলোচনা কৰিছিল৷ কিন্তু বিষয়টোৰ প্ৰাসংগিতাক তল পেলাই কিছু লোকে উপলুঙা কৰিছিল৷
পৰৱৰ্তী সময়ছোৱাতে ভাৰত আৰু অসমৰ মাজত সংঘাট সৃষ্টিৰ আৰম্ভণি হ’ল৷ ৩৯ বছৰৰ পৰা এই সংঘাটৰ জুইকুৰা দপদপাই জ্বলি আছে৷ এই প্ৰক্ৰিয়াটোৰ মৰ্যদাপূৰ্ণ সমাধান আমি বিচাৰিছো৷ ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বে সংযুক্ত মুক্তি বাহিনী, অসমৰ প্ৰতিষ্ঠা দিৱসৰ এই ঐতিহাসিক অনুষ্ঠানৰ পৰা ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ বৰ্তমানৰ নেতৃত্বৰ প্ৰতি পুনৰ আহ্বান জনাইছো সমাধান কৰিবলৈ৷
এই বিকল্পক সন্মান সহকাৰে যদি পালন কৰা নহয় তেন্তে অসমৰ জনগণৰ বাবে ঐক্যবদ্ধ সংগ্ৰামৰ বাহিৰে আন কোনো বিকল্প নাথাকিব৷ ইয়াৰ বিপৰীতে অসমৰ সৰ্বস্তৰৰ ঐক্যবদ্ধ হৈ মানসিকভাবে প্ৰস্তুত হৈ থাকিবলৈ আহ্বান জনালো৷
সুকীয়া দাবী পৃথকে নকৰি একমাত্ৰ ঔপনিৱেশ ৰাষ্ট্ৰ চৰিত্ৰক উৎসাৎ কৰাৰ উদ্দেশ্যে অসমৰ ৰাজনীতিক, বুদ্ধিজীৱি, জাতীয় সংগঠন, কৃষক, শ্ৰমিক, ছাত্ৰ যুৱক, জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হৈ সংগ্ৰাম কৰাৰ নকৰিলে প্ৰহসন আৰু প্ৰতাৰণাৰ পৰা অসমৰ জনসাধাৰণে মুক্তি পোৱাৰ অন্য কোনো পথ নাথাকিব৷
জাতীয় সংকটৰ পৰা প্ৰতি দায়বদ্ধশীল হৈ দৃঢ় ভাবে ঐকবদ্ধ হৈ প্ৰতিৰোধ সংগ্ৰামৰ বাবে অসমৰ জনসাধাৰণক আহ্বান জনাইছে অসম মুক্তি বাহিনীয়ে৷ জাতি, মাটি, শান্তি শৃংখলা বজাই ৰাখিবলৈ অসমৰ ৰাইজে নিজ অধিকাৰৰ বাবে যুঁজ দিলেহে অসমবাসীৰ অস্তিত্ব জীয়াই থাকিব৷