
নাহৰকটীয়াঃ নাহৰকটীয়া চেইন্ট মেৰিজ স্কুলৰ ছাত্ৰী আত্মহত্যা সংঘটিত হোৱা ঘটনাই সমগ্ৰ নাহৰকটীয়া অঞ্চলত তোলপাৰ লগাই থকাৰ সময়তে অাজি ৰাইজৰ অাশা পূৰণ হ’ল। অাত্মহত্যাৰ পাছতো নম্ৰতাৰ কুৎসা ৰটনা কৰিবলৈ নিৰ্দেশ দিয়া প্ৰধান শিক্ষয়িত্ৰী ৰেন্সি ছেবেষ্টিয়ানক অাৰক্ষীয়ে অাটক কৰে।
CLICK ►Blue Whale গেম LIVE
উল্লেখযোগ্য যে, শনিবাৰে নম্ৰতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি নাহৰকটীয়া থানালৈ অনাৰ পাছত অঞ্চলটিৰ শতাধিক লোকে নিশা থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। নাহৰকটীয়া অাঞ্চলিক ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ অাদি দল সংগঠনো উপস্থিত থাকি ঘটনাৰ লগত জড়িত বিদ্যালয়ৰ কৰ্তৃপক্ষক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছিল।
CLICK ►Blue Whale গেম LIVE
ঘটনাটোৰ সন্দৰৰ্ভত সঠিক ৰহস্য পোহৰলৈ অহাৰ পাছতো অাৰক্ষীয়ে ৰেন্সি ছেবেষ্টিয়ানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাটো অতি অাচৰিতজনক কথা হৈ পৰিছিল। শেষত অাৰক্ষীৰ এনে লুকা-ভাকু কাৰ্য দেখি স্থানীয় ৰাইজে উত্তপ্ত হৈ থানা ঘেৰাও কৰে। প্ৰতিবাদকাৰীয়ে ৪৮ ঘণ্টা সময়ত যদি শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ নকৰে তেতিয়া পৰিস্থিতি আৰু ভয়ংকৰ হোৱাৰ সকীয়নি দিয়াৰ ফলত অাজি দুপৰীয়া তোষামোদকাৰী শিক্ষয়িত্ৰীগৰাকীক অাৰক্ষীয়ে অাটক কৰিবলৈ সক্ষম হয়।
CLICK ►Blue Whale গেম LIVE
ঘটনাৰ বিৱৰণী মতে এটা লঘু কাৰণত শুকুৰবাৰে বিদ্যালয়ত প্ৰথমটো শ্ৰেণীত শিক্ষয়িত্ৰীৰ প্ৰহাৰত অাঘাত পোৱা নম্ৰতাক দুটা শ্ৰেণীৰ পাছতেই প্ৰধান শিক্ষয়িত্ৰী ৰেন্সি ছেবেষ্টিয়ানে পুনৰ এটা কোঠাৰ ভিতৰত অাবদ্ধ কৰি চি চি কেমেৰা বন্ধ কৰি এঘণ্টাৰো অধিক সময় প্ৰহাৰ কৰাৰ লগতে উলংগ কৰি লিংগ পৰীক্ষা কৰাৰ কথা পোহৰলৈ অাহিছে। যাৰ ফলত মৰ্মান্তিক অাঘাত পোৱা নম্ৰতাই সতীৰ্থক জনাইছিল যে, অাজি বিদ্যালয়ৰ মোৰ শেষ দিন। একেখন স্কুলত পঢ়া ভাতৃক অাজি ঘৰলৈ নাযাওঁ, বান্ধৱীৰ ঘৰত থাকিম বুলি ভাতৃক ঘৰত জনাবলৈ কয়৷ তাৰ পাছতেই ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰে৷
CLICK ►Blue Whale গেম LIVE
শিক্ষকৰ দৰে মহান বৃত্তি এটাৰে মহীয়ান হৈও এনে দুস্কৰ্ম সংঘটিত কৰা শিক্ষয়িত্ৰী গৰাকীকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে৷