12
Jun
2018

newsnextone.com | বিহালীঃ বিশ্বনাথ জিলাৰ বিহালীৰ জ্যেষ্ঠ সাংবাদিক আৰিফ হালদাৰ সোমবাৰে নিশা নিজ বাসগৃহতে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে৷ বিশ্বনাথ জিলাৰ প্ৰথম গৰাকী নিউজ চেনেলৰ সাংবাদিক আৰিফ হালদাৰৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই৷
জানিব পৰা মতে, সোমবাৰে নিশা পৰিয়ালৰ লোকসকল বিছনাত থকাৰ সময়ত নিজ বাসগৃহত আত্মহত্যা কৰে সাংবাদিক আৰিফ হালদাৰে৷ পত্নীসহ ৩ বছৰীয়া কন্যা থকাৰ পিছত আৰিফ হালদাৰে আত্মহত্যা কৰাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
এনই টিভিৰ পৰা সংবাদিকতা আৰম্ভ কৰা আৰিফ হালদাৰ প্ৰায় যোৱা ১৫ বছৰ ধৰি সংবাদিকতা কৰি আহিছে৷ সাংবাদিক আৰিফ হালদাৰৰ মৃত্যুক সহজে লব পৰা নাই বিহালীবাসীয়ে৷