ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পু্ঞ্চ এলেকাৰ নিয়ন্ত্ৰণৰ ৰেখাৰ সমীপৱৰ্তী এলেকাত পাক সেনাই যুদ্ধবিৰতি ভংগ কৰি অতৰ্কিতে চলোৱা গুলিবৰ্ষণত এজন ভাৰতীয় জোৱানৰ লগতে  জোৱানৰজনৰ পত্নি নিহত হোৱা বুলি জানিব পৰা গৈছে। 

শ্বেল আৰু গুলিবৰ্ষণৰে পাক সেনাই নিয়ন্ত্ৰণ ৰেখাৰ গোলপুৰ এলেকাত অতৰ্কিতে গুলিচালনা কৰা বুলি সেনাৰ সূত্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। মৃত জোৱানজনৰ নাম মহম্মদ চৌকাত বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।  

সংঘৰ্ষ এতিয়াও চলি আছে আৰু ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ দিছে। এই বুলি সূত্ৰটোত কোৱা হৈছে। একেদৰে আন এক পৃথক আক্ৰমণত তিনিজন ভাৰতীয় জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে। সেনাৰ তহলদাৰী গোটৰ ওপৰত বান্দিপোৰা এলেকাত এই সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে।