
ডিমাকুছিঃ সীমান্তৰ দুৰ্গম অঞ্চলৰ যুৱকক প্ৰশিক্ষণ দিছে ভাৰতীয় সেনাই৷ সেনাত ভৰ্তি হ’বলৈ প্ৰযোজনীয় প্ৰশিক্ষণ দি আহিছে যুৱকক৷ ওদালগুৰি জিলাৰ অসম ভূটান সীমান্তৰ নিৱনুৱা যুৱকক ভাৰতীয় সেনা বাহিনীত মকৰল কৰাৰ উদ্দেশ্যেৰে যোৱা চাৰি মাহ ধৰি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ বৰংগাজুলিৰ সেনা শিবিৰত শাৰিৰীক পৰীক্ষাত অংশ গ্ৰহণৰ বাব সাজু কৰিছে শ-শ যুৱকক৷
ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন দিছে এই প্ৰশিক্ষণ৷ ১৪নং ডোগ্ৰা ৰেজিমেণ্টে অনুষ্ঠিত কৰা প্ৰশিক্ষণ কাৰ্যসূচীত ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক যুৱকে অংশগ্ৰহন কৰে। শিবিৰত সেনাত ভৰ্তি হ'ব বিচৰা যুৱকসকলক শাৰিৰীক পৰীক্ষা, দৌৰ, জাম্পিঙ আদিৰ প্ৰশিক্ষণ দিয়া হয়৷ যাতে পিছপৰা অঞ্চলৰ যুৱকসকলে পৰৱৰ্তী সময়ত ভাৰতীয় সেনা বাহিনীত অতি সহজে নিয়ুক্তি লাভ কৰে। অহা ৫-৯ জানুৱাৰীলৈকে নাৰেংগীৰ সেনা শিবীৰত অনুষ্ঠিত হ'বলগীয়া সেনা ভৰ্তী শাৰিৰীক মাপদণ্ড পৰীক্ষাত সেনাই এই অঞ্চলৰ ১২৫ জন যুৱকক প্ৰশিক্ষণৰ বাবে বাচনি কৰে।
যুৱকসকলৰ মনোৱল দৃঢ় কৰাৰ বাবে বৰঙাজুলি সেনা শিবিৰত শাৰিৰীক পৰীক্ষাৰ আয়োজন কৰে। ভূটান সীমান্তৰ লগতে খৈৰাবাৰী, ভেৰগাও, টংলাৰ শতাধিক যুৱকে অংশগ্ৰহন কৰে। সেনাৰ কাৰ্যসূচীত অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ উপাধ্যক্ষ নেৰছন বড়োৱে ভুয়সী প্ৰশংসা কৰে ভাৰতীয় সেনাক। অনুষ্ঠানত ভেৰগাও ব্লক বিপিএফৰ সম্পাদক অজয় সিং গড়, সাংবাদিক ভূৱন থপলীয়া, ৰবাৰ্টছন তান্তী, পীংকু কলিতা, তীৰ্থ শৰ্মা উপস্থিত থাকে।