
কাজিৰঙাঃ কেতিযাবা বনৰীয়া হাতীয়ে খেতি পথাৰ তহিলং কৰি খেতিয়কক মাধামাৰ শোধায়৷ কেতিয়াবা বানপানীৰ কবলত পৰি খেতি পথাৰ নষ্ট হোৱাৰ ফলত হাহাকাৰ কৰিব লগা হয়৷ যোৱা কেইবাটাও দশক ধৰি বেংকৰ ঋণ, বনৰীয়া হাতীৰ জাক, বানপানীয়ে মাধমাৰ শোধোৱাৰ লগতে শুৰপোকে ধাননি পথাৰ আক্ৰমণ কৰাৰ ফলত মূৰে-কপালে হাত দিব লগা হৈছে ৰাজ্যৰ শ শ কৃষকে৷
শুৰপোকে প্ৰতিবছৰে বানৰ পাছতে গেৰ ধৰা ধাননী পথাৰ এফালৰ পৰা খাই শেষ কৰে৷ যোৱা কেইবাটাও বছৰে শুৰপোকে ৰাজ্যৰ শ শ বিঘা খেতিপথাৰ ধৰি ৰাজ্যৰ কৃষিভূমিত তাণ্ডৱ চলাই আহিছে৷ দেশত পোন প্ৰথমে দক্ষিণ ভাৰতৰ তামিলনাডুত একাংশ খেতিয়কৰ লহপহকৈ বাঢ়ি অহা ধান খেতি এফালৰ পৰা বৰণ সলনি হ'ব ধৰাত কৃষি বিভাগে শুৰপোকে আক্ৰমণ কৰা বুলি নিশ্চিত হৈছিল৷
আনহাতে এই শুৰপোক প্ৰথমবাৰৰ বাবে হাৱাই দ্বীপত ধৰা পৰিছিল বুলি জানিব পৰা গৈছে৷ আর্মি ৱর্ম নামৰ এই কীটবিধে বতাহত এঠাইৰ পৰা আন ঠাইলৈ পৰিভ্ৰমণ কৰি বৃহৎ পথাৰত বংশ বৃদ্ধি কৰি এফালৰ পৰা খেতি পথাৰ ধ্বংস কৰি আহিছে।
এইবাৰ শুৰপোকৰ কবলত পৰিছে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ খেতিপথাৰ৷ বানে কৃষকক সৰ্বশ্ৰান্ত কৰাৰ পাছতে এতিয়া কৃষকক জীয়াতু ভোগাইছে শুৰপোকে৷ লাহে লাগহে সেউজীয়া হ’বলৈ ধৰা পথাৰখনত এতিয়া শুৰপোকৰ অবাধ আক্ৰমণ চলিছে জিলাখনৰ বোকাখাতত৷
কিছুদিন আগত শুৰপোকে খেতি পথাৰত আক্ৰমণ কৰাৰ পাছতে পুনৰ ন’ ন’ অঞ্চল শুৰপোকে আক্ৰমণ কৰিছে৷ বিগত সময়ত বোকাখাতত শুৰপোকে নষ্ট কৰিছিল শ শ কৃষিভূমি। আকৌ সেই একে ঘটনাৰ পুনৰাবৃত্তিত শংকিত হৈ পৰিছে কৃষকসকল৷ কৃষি মন্ত্ৰী অতুল বৰাৰ নিজা সমষ্টিত শুৰপোকৰ এই আক্ৰমণৰ কৃষিমন্ত্ৰীগৰাকীয়ে কেনেদৰে মোকাবিলা কৰিব সেয়া লক্ষণীয় হ’ব৷