
লিডুঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত কেনিয়া গাঁও আৰু লংটং গাঁৱৰ দুগৰাকী নিৰীহ লোকক সেনাই হাৰাশাস্তি কৰি অস্ত্ৰ উদ্ধাৰৰ নাটকেৰে আটক কৰাৰ ঘটনাই উত্তাল পৰিস্থিতৰ সৃষ্টি হয়৷ নিৰীহ থলুৱা লোকক আটক কৰাৰ পিছতেই থলুৱা নিৰীহ লোকক বাৰে বাৰে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে৷
সেনাৰ অত্যাচাৰৰ পাৰ কেতিয়া ৰেহাই পাম বুলি প্ৰশ্ন উত্থাপন কৰে কেইবাশতাধিক মহিলাই৷ নিৰীহ লোকক আলফাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰে সেনাই লোকদুজনক৷ কেউ কিছু নজনা হোজা লোকজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ অভিযোগক সহজেই লব পৰা নাই ৰাইজে৷ মিছা অভিযোগত নিৰীহ লোকজনক সেনাই উগ্ৰপন্থী সজাই আৰু অস্ত্ৰ উদ্ধাৰৰ নাটক ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷
তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৩ মাইল লংটং গাঁৱৰ পৰা প্ৰমোদ বৰুৱা (৪০) আৰু কেনিয়া গাঁৱৰ অনিল খনিকৰক (৫৩) দেওবাৰে নিশা মাৰ্ঘেৰিটাস্থিত ১৪নং অসম ৰাইফলচৰ এটা দলে উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ধৰি আনে৷
সেনাই উগ্ৰপন্থী বিৰোধী অভিযানৰ নামত নিৰীহ লোকক আটক কৰাৰ ঘটনাৰ পিছতেই ক্ষোভিত ৰাইজে ৰাজ পথলৈ ওলাই আহে৷ লেখাপানী আৰক্ষী থানাৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোথ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ সেনাই ধৰি অনা দুই নিৰীহক মুক্তি দিবলৈ ৰাইজে দাবী জনায়৷
জাগুন লংটং গাঁৱৰ আৰু কেনিয়া গাঁৱৰ ৰাইজে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰে৷ উত্তাল প্ৰতিবাদত সেনাই সেও মানি লেখাপানী আৰক্ষী থানাত চমজাই দিয়ে দুয়োজন লোকক৷ প্ৰায় দুঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰাত শ-শ যান-বাহন ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থাকিব লগা হয়৷
উল্লেখ্য যে, অসম-অৰুণাচল সীমান্তৰ জাগুন, লেখাপানী আদি ঠাইত সেনাই প্ৰায়ে উগ্ৰপন্থী বিৰোধী অভিযানৰ নামত নিৰীহ লোকক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
মিছা অভিযোগত সেনাই নিৰীহ লোকক উগ্ৰপন্থী সজোৱা কাৰ্যক স্থানীয় ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অঞ্চলটোত দীৰ্ঘ দিনৰ পৰা চলি অহা সেনাৰ অতপালি বন্ধ নকৰিলে ৰাইজে জংগী প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ প্ৰদান কৰে৷