newsnextone.com | লংকাঃ হোজাই জিলাৰ লংকাৰ নখুঁটি আৰক্ষী চকীৰ অন্তৰ্গত আমবাৰীত বুধবাৰে স্থানীয় ৰাইজে তিনিগৰাকী সন্দেহজনক ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, ধৃত ব্যক্তিকেইজনে আমবাডী গাঁৱৰ এজোপা গছৰ তলত কাৰোৱাৰ বাবে অপেক্ষা কৰি ৰৈ থাকোতেই স্থানীয় ৰাইজৰ মনত সন্দেহ ওপজে৷ ৰাইজে ব্যক্তিকেইজনৰ ওচৰ চাপি সোধ-পোছ কৰাত সন্দেহ অধিক ঘনীভূত হোৱাত নখুঁটি আৰক্ষীক এই সন্দৰ্ভত খবৰ দিয়ে৷ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সন্দেহযুক্ত ব্যক্তি তিনিজনক আটক কৰে যদিও এজন পলাই যাবলৈ সক্ষম হয়৷  

ইফালে আৰক্ষীয়ে আটকাধীন লোককেইজনৰ পৰা এটা ৯ এমএম পিষ্টল আৰু ৬ টা সজীৱ গুলী জব্দ কৰে৷ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি ধৃত লোককেইজনে পিষ্টল আৰু গুলীসমূহ নাগালেণ্ডৰ পৰা লংকাৰ নখুঁটি আমবাৰীত বিক্ৰি কৰিবলৈ আনিছিল৷

আটকাধীন ধৃত লোককেইজন চাইফ উদ্দিন, তামিজ উদ্দিন আৰু হানিফ আলী বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে তিনিওজনকে াৰক্ষী জিম্মাত ৰাখি সোধ-পোছ অব্যাহত ৰাখিছে৷