প্ৰতিকী ফটো
প্ৰতিকী ফটো

ধেমাজিঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদ গো মাফিয়াৰ চিকাৰ হ'ল বুলি বিভিন্ন পক্ষই সন্দেহ ব্যাক্ত কৰাৰ সময়তে অবৈধ চোৰাং গৰু ব্যৱসাীৰ পৰা ধন দাবী কৰাৰ অভিযোগত ছাত্ৰ সংগঠনৰ নেতা জেললৈ যাব লগীয়া হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ধেমাজি জিলাত দীৰ্ঘদিন ধৰি একাংশ লোকে ট্ৰাকেৰে গৰুৰ অবৈধ ব্যৱসায় কৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে চিচিবৰগাঁৱৰ গাইনদীৰ সমীপত অবৈধভাৱে গৰু কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰে এটি ছাত্ৰ সংগঠনৰ কেইজনমান নেতাই। গৰু কঢ়িয়াই অনা গাড়ীৰ চালকৰ সৈতে কথা বতৰা পাতি থকা অৱস্থাতে আৰক্ষী উপস্থিত হৈ গৰু ভৰ্তি ট্ৰাক সহিতে ছাত্ৰ নেতাকেইজনক আটক কৰে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে জোনাই তেলামৰ পৰা বাপ্পা খান নামৰ ব্যৱসায়ীগৰাকীয়ে এ-এছ-০১-ডিডি-০০৬৭ নম্বৰৰ ট্ৰাকত ২৩টা গৰু লৈ গুৱাহাটী অভিমুখে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত গাইনদী দলঙৰ সমীপত এটি সংগঠনৰ কেইগৰাকীমান ছাত্ৰ নেতাই ট্ৰাকখন আগভেটি ধৰে৷

ড্ৰাইভাৰ হেণ্ডিমেনৰ পৰা অনুজ্ঞাপত্ৰ, চালান আদি চাবলৈ বিচৰাৰ ফলত ট্ৰাক চালক আৰু সংগঠনৰ নেতাকেইজনৰ মাজত তৰ্কা-তৰ্কি হয়। দুয়োপক্ষৰ মাজত কথাৰ কটাকটি হৈ থকা সময়তে উক্ত স্থানত চিচিবৰগাঁও আৰক্ষী উপস্থিত হৈ ট্ৰাকখন জব্দ কৰাৰ লগতে সংগঠনৰ নেতাকেইজনক ট্ৰাকৰ চালকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে।

যুৱক কেইজনক ২৯৮/১৭ নং গোচৰ অনুসৰি ভাৰতীয় দণ্ডাবিধিৰ অধীনত ৩৯২ ধাৰাত জেললৈ প্ৰেৰণ কৰে। সংগঠনটোৱে অভিযোগ কৰা মতে ধেমাজি, চিমেন চাপৰি, চিলাপথাৰ আৰু অন্যান্য অঞ্চলৰ বজাৰসমূহৰ পৰা অবৈধভাৱে গৰু কিনি আৰক্ষীৰ সহযোগত প্ৰতি নিশাই সৰবৰাহ হৈ আছে।

আৰক্ষীয়ে পালন নকৰা দায়িত্ব সংগঠনটোৰ নেতাই পালন কৰাত আৰক্ষীয়ে সংগঠনৰ নেতা কেইজনক ডকাইত সজাইছে বুলি অভিযোগ কৰে সংগঠনটোৱে। ইফালে সংগঠনটোৰ নেতাকেইজনৰ বিৰুদ্ধে ২০ হাজাৰ টকা বিছৰা বুলি অভিযোগ উত্থাপন কৰিছিল চালকজনে৷