মঙলদৈঃ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বহু চৰ্চিত আৰু ব্যয়বহুল অসমীয়া বোলছবি মিছন চাইনা৷ সমগ্ৰ ৰাজ্য এই বিগ বাজেটৰ ছবিখনৰ জ্বৰত আক্ৰান্ত বুলি কলেও হয়তো ভুল কোৱা নহ’ব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহ সমূহত মিছন চাইনা চাবলৈ লানি নিচিগা মানুহৰ ভিৰে প্ৰমান কৰিছে মিছন চাইনাৰ বহুল জনপ্ৰিয়তাৰ কথা৷ টিকট নাপায় একাংশ চিনেমা প্ৰেমীয়ে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰাও পৰিলক্ষিত হৈছে৷

প্ৰায় ২ কোটি বাজেটেৰে ব্যয়বহুল অসমীয়া চিনেমা এখন নিৰ্মাণ কৰি জুবিন গাৰ্গে ইতিহাস ৰচনা কৰিছে৷ কিন্তু ইয়াৰ সমান্তৰালকৈ ছবিখনৰ নিৰ্মানত খৰছ হোৱা ধন উভটাই পোৱাটোও যেন এক ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে জুবিন গাৰ্গৰ সন্মুখত৷ ছবিগৃহ সমূহত যিকোনো চিনেমা এখন চাবলৈ দৰ্শক আহিলেহে ছবিখন নিৰ্মাণত খৰছ হোৱা ধন ঘুৰাই পোৱা যায়৷ ছবিগৃহত দৰ্শকৰ ভিৰৰ ওপৰতে নিৰ্ভৰ কৰে ছবি এখনৰ লাভ বা ইনকামৰ কথা৷

তেনে এক সংকটৰ সময়তে যদি কোনোবাই গোপনে ছবিখনৰ ৰেকৰ্ডিং কৰি ছচিয়েল মিডিয়াত আপলোড কৰি দিয়ে, নিশ্চিতভাৱে ছবিখনে বহু দৰ্শক হেৰুৱাবলগীয়াত পৰে৷ প্ৰথমখন অসমীয়া বিগ বাজেটৰ বোলছবি মিছন চাইনাৰ ক্ষেত্ৰত তেনে এক পৰিস্থিতিৰ উদ্ভৱ কৰি মিছন চাইনাৰ টিমৰ ৰোষত পৰিল এজন যুৱক৷ মঙলদৈ ড্ৰিম থিয়েটাৰত সোমবাৰে পুৱাৰ দৰ্শনী উপভোগ কৰাৰ সময়তে বোলছবিখন নিজৰ মোবাইলত ৰেকৰ্ডিং কৰিছিল মঙলদৈ ৰঞ্জিত শৰ্মা একাডেমিৰ বিজ্ঞান শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ চৈয়ব আখতাৰে৷

তাৰ পাছতেই চৈয়ব আখতাৰ নামৰ যুৱকজনে মিছন চাইনাৰ ভিডিও ক্লিপ ইউ টিউবত আপলোড কৰে৷ এই সন্দৰ্ভত মিছন চাইনাৰ টিমে জানিব পাৰি ভৰলুমুখ আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এটা গোচৰ তৰে৷

আনহাতে সোমবাৰে ঘটনা সন্দৰ্ভত জুবিন ফেন ক্লাৱেও মঙলদৈ আৰক্ষীকো অৱগত কৰে৷ জুবিন ফেন ক্লাৱৰ গোচৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে সোমবাৰে নিশা মঙলদৈৰ বান্দিয়াৰ নিজ বাসগৃহৰ পৰা যুৱকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷

চৈয়ব আখতাৰ নামৰ যুৱকজনে ইতিমধ্যে নিজৰ ভুল স্বীকাৰ কৰি ৰঙা ঘৰৰ আলহী হৈ আছে৷