ৰঙিয়াঃ মহিলাৰ গাত বান্দৰ কেকোৱা লগাই ধন লুটিবলৈ গৈ আটক হ’ল ইৰানী গ্ৰুপৰ দুই সদস্য৷ উল্লেখ্য যে, ৰঙিয়াস্থিত ভাৰতীয় ষ্টেট বেংকত ধন উলিয়াবলৈ আহিছিল গান্ধীবাৰীৰ মাকনি কলিতা নামৰ এগৰাকী মহিলাই৷

সেই সময়তে ৰঙিয়াত আতংকৰ সৃষ্টি কৰা ইৰানী নামৰ ধন লুটি নিয়া গ্ৰুপটোৰ দুই সদস্যই মহিলাগৰাকীৰ গাত বান্দৰ কেকোৱা সানি ধন লুটাৰ চেষ্টা কৰে৷ স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি যুৱক দুজনক কৰায়ত্ব কৰি উত্তম-মাধ্যম শোধায়৷

চিলিগুৰীৰ গুৰম বস্তিৰ বিকাশ ৰায় আৰু আছিক দাস নামৰ ইৰানী গ্ৰুপৰ ধৃত সদস্য দুজনক পাছত স্থানীয় ৰাইজে আৰক্ষীক চমজাই দিয়ে৷ পুৰ্বতেও ৰঙিয়াত বহু ব্যক্তিক বান্দৰ কেকোৱা দি ধন লুট কৰিছে ইৰাণী গ্ৰুপৰ এই সকল সদস্যই।