
জাগীৰোডঃ এগৰাকীকংগ্ৰেছ নেতাৰ ভাষণৰ ভিডিঅ’ ভাইৰেল হৈ পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মৰিগাঁও জিলাত৷ NRC সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ লগতে সংঘৰ্ষ লগোৱাৰ উদ্দশ্যে ভাষণ প্ৰদান কৰা এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ ধৰ্মীয় সংখ্যালঘুু অঞ্চলত এখন বিশেষ সভাত অংশ লৈ নেকিবুৰ ৰহমান নামৰ কংগ্ৰেছ নেতাগৰাকীয়ে নোট বন্দীৰ কথা যেনেকৈ দুজন মানুহে গম পাইছিল তেনেকৈ এনআৰচিৰ কথাও দুজন মানুহে গম পাই বুলি কয়৷
এনআৰচিৰ কথা কেৱল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এনআৰচিৰ সমন্বয়ক প্ৰতিক হাজেলাই হে অৱগত বুলি কয়৷ কেৱল ইমানে নহয় সকলো মুছলমান এক হ’ব লাগে বুলি কৈ উচটনি দিয়ে নেতাগৰাকীয়ে৷ মুছলিম এলেকাৰ পৰা এনআৰচিৰ কেন্দ্ৰ উঠাই নিয়াৰ লগতে মুছলমান বিষয়াক এনআৰচিৰ কামৰ পৰা অব্যাহতি দিয়া বুলি কয় বিতৰ্কিত কংগ্ৰেছ নেতাগৰাকীয়ে৷ গতিকে মৰিগাঁৱৰ এক লাখ মুছলমানক এক হ’বলৈ আহ্বান জনাইছিল৷
এই সাম্প্ৰদায়িক মন্তব্যৰ ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ মৰিগাঁৱৰ জাগীৰোডত কংগ্ৰেছৰ এখন সভাত অংশ গ্ৰহণ কৰি প্ৰৰোচনামূলক ভাষণ প্ৰদান কৰিছল কংগ্ৰেছ নেতাগৰাকীয়ে৷ আৰক্ষীয়ে আটক কৰে নেকিবুৰ ৰহমান কংগ্ৰেছ কৰ্মীকজনক৷ চ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ভিডিঅ'টো সন্দৰ্ভত তন্ত কৰিছিল আৰক্ষীয়ে৷ IPC ১৫৩ ধাৰাৰ অধিনত ৪৫২/১৭ নম্বৰত গোচৰ ৰুজু কৰে জাগীৰোড আৰক্ষীয়ে৷