প্ৰতিকী ফটো
প্ৰতিকী ফটো

নগাঁওঃ আৰক্ষীৰ অভিযানত অস্ত্ৰ সহ ধৰা পৰিল দুই ডকাইত৷ নগাঁও আৰক্ষীয়ে অবিযান চলাই ৰূপহীহাটৰ চিতলচাপৰিত অস্ত্ৰসহ দুৰ্ধৰ্ষ ডকাইত কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

সুৰুজ আলী আৰু আশ্ৰাফুল নামৰ ডকাইত দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা হস্তনিৰ্মিত পিস্তল৷ ৰূপহীহাট, জুৰীয়া আৰু চামগুৰি আৰক্ষীৰ যৌথ অভিযানত জালত পৰে ডকাইট দুজন৷ জিলাখনৰ বহুকেইটা ডকাইটিৰ ঘটনাৰ সৈতে জড়িত আছিল ধৃত ডকাইট দুজন৷