ফিল'বাৰীঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত আজি সন্ধিয়া সেনা বাহিনীৰ শিখ ৰেজিমেন্টৰ এটা দলে দাবী কৰা ধন নিবলৈ অহা দুজনকৈ ভুৱা আলফাক আটক কৰিবলৈ সক্ষম হ'য়। 

ধৃত ভুৱা আলফা দুজনক ফিল'বাৰীৰ সৰদ্বীপ গুৰুং আৰু কাকপথাৰৰ অভিজিৎ অসম বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, উক্ত যুৱক দ্বয়ে আলফাৰ নামত আমগুৰিৰ দুগৰাকী ব্যৱসায়ী পৰা এক লাখ টকাৰ ধন দাবী কৰিছিল। 

আজি টকা খিনি নিবলৈ আহোতেই পূৰ্বৰে পৰা উক্ত স্থানত খাপ পিটি থকা সেনা বাহিনীয়ে যুৱক দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হ'য়।

আনহাতে পেঙেৰীৰ এজন চাহ ব্যৱসায়ীক আলফাৰ নামত ধন দাবী কৰি অহা আন এজন ভুৱা আলফাকো আজি আৰক্ষীয়ে আটক কৰিছে। ধৃত যুৱক জন ফিল'বাৰীৰ গুটিবাৰীৰ বগা ওৰফে সুনিত দেউৰী বুলি জানিব পৰা গৈছে।