
গুৱাহাটীঃ দীনদয়াল উপাধ্যায়ে উত্তাল কৰি ৰাখিছে ৰাজ্য৷ ৰাজ্য চৰকাৰে জন সংঘৰ প্ৰতিস্থাপক দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰাৰ পাছৰে পৰা দল-সংগঠনে ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল৷
প্ৰতিবাদ সত্বেও আকোৰগোজ হৈ ৰাজ্য চৰকাৰে তিনিখনকৈ মহাবিদ্যালয় স্থাপন কৰে৷ ৰাজ্যৰ দল-সংগঠনে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ বিৰোধিতা কৰি প্ৰতিবাদ আজিও অব্যাহত ৰাখিছে৷ জনমতক উপেক্ষা কৰি ৰাজ্যৰ বিজেপি, অগপ আৰু বিপিএফ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে তিনি খনকৈ মহাবিদ্যালয় দীনদয়ালৰ নামত প্ৰতিষ্ঠা কৰে৷
দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্য চৰকাৰে স্থাপন কৰা মহাবিদ্যালয় কেইখনৰ নামফলকত ক’লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ লগে তাৰ লগে ৰাজ্যজুৰি পুনৰ দীনদয়াল প্ৰসংগই উক দি উঠে৷ ৰাজ্য চৰকাৰে সংগঠনটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ বিহালী আৰু গোৱালপাৰাত সংগঠনটোৱে ক’লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ জাতীয় জীৱনৰ সৈতে ওতপ্ৰোতভাবে জড়িত লোকৰ নামত মহাবিদ্যালয় স্থাপনৰ দাবী জনায়৷
প্ৰতিবাদকাৰী সংগঠনটোৱে গোৱালপাৰাৰ আমজোংগাত দীনদয়ালৰ নামত চৰকাৰে স্থাপন কৰা মহাবিদ্যালয়খন বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত নামাকৰণ কৰি নামফলক আৰি দিয়ে৷ আনহাতে বিহালীত ছবিলাল উপাধ্যায়ৰ নামত নামাকৰণ কৰে৷
এই প্ৰতিবাদৰ পিছতে দেওবাৰে নিশা গোৱালপাৰা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পৰমা ৰাভাক আৰক্ষীয়ে আটক কৰে৷ পৰমা ৰাভাক আৰক্ষীয়ে আটক কৰি গোটেই নিশা থানাতে আৱদ্ধ কৰি ৰাখে৷ জানিব পৰা মতে নিশা প্ৰায় ২ বজাত পৰমা ৰাভাৰ মাতৃৰ নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে৷
ইফালে ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে বিহালীৰ দীনদয়াল মহাবিদ্যালয় কৰ্তৃপক্ষই জিনজিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিহালী আঞ্চলিকৰ সভাপতি ভৱানন্দ হাজৰিকা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিহালী আঞ্চলিকৰ সভাপতি সীমান্ত বণিয়া আৰু সদস্য যাদৱ সিংহক আৰক্ষীয়ে দেওবাৰে নিশাই আটক কৰে৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে তিনি ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰি হাতত হেণ্ডকাফ লগাই আজি বিশ্বনাথ ন্যায়িক আদালতত হাজিৰ কৰে।
পোন প্ৰথমবাৰৰ বাবে ছাত্ৰ নেতাক হেণ্ডকাফ লগোৱা বিষয়টোৱে সমগ্ৰ বিহালীতে তোলপাৰ লগাইছে। ইফালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে আজি দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মৌন প্ৰতিবাদ সাব্যস্ত কৰি ছাত্ৰ সংগঠনটোক ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহবান জনায়।
আজি অসম বিধান সভাতো ৰং সনা কাৰ্যই স্থান পায়৷ বিৰোধীৰ একাংশ বিধায়কে এই কাৰ্যক সমৰ্থন কৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যোৱা ৫০ বছৰত এনে আন্দোলন দেখা নাই বুলি কয়৷
আনহাতে শাসকীয় বিজেপি দলৰ কেইবাগৰাকী বিধায়কে ছাত্ৰ মুক্তিৰ উক্ত প্ৰতিবাদক দূৰ্ভাগ্যজনক আখ্যা দি সংগঠনটোৱে অপৰাধ কৰা বুলি যুক্তি দাঙি ধৰে৷ বিজেপি বিধায়ক মৃনাল শইকীয়াই এনে সংগঠনৰ কোনো প্ৰয়োজন নাই বুলিও মন্তব্য কৰে৷ অৱশ্যে শাসকীয় মিত্ৰদল অগপৰ বিধায়কে আওপকীয়াকৈ ছাত্ৰ মুক্তিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা দেখা গৈছে৷