
ওদালগুৰিঃ অৱশেষত আৰক্ষীৰ জালত পৰিল ২০১৪ চনৰ আদিবাসী নৰসংহাৰত জড়িতৰ অভিযোগত অভিযুক্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ ম'ষ্ট ৱাণ্টেডৰ অপৰাধীৰ তালিকাত থকা এনডিএফবি(স) সদস্য জিচকেল মোছাহাৰী(৩১) ওৰফে জাহান।
বিগত ১১ অক্টোবৰ তাৰিখে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ওদালগুৰি আৰক্ষী-সেনাই চলোৱা অভিযানত ওদালগুৰি জিলাৰ চপনগাঁৱৰ এটি সন্দেহজনক ঘৰৰ পৰা অপৰাধী গৰাকীক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, অভিযানকাৰী দলটোক এনডিএফবি সদস্যগৰাকীয়ে অভিযানৰ সময়ছোৱাত আক্ৰমণৰ কৰি পলাবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়।
কৰায়ত্ব এনডিএফবি গৰাকী ওদালগুৰি আৰক্ষীৰ ম'ষ্ট ৱাণ্টেড অপৰাধীৰ তালিকাত থকাৰ উপৰিও ২০১৪ চনৰ আদিবাসী লোকৰ নৰসংহাৰৰ লগত জড়িত অপৰাধত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এনআইএৰ ম'ষ্ট ৱাণ্টেডৰ অপৰাধীৰ তালিকাত থকাৰ কথা সেনা সূত্ৰই জানিবলৈ দিয়। উক্ত সূত্ৰই প্ৰকাশ কৰা মতে আটকাধীন এনডিএফবিৰ ৩৫নং গোটৰ সদস্যগৰাকী ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত সদস্য।
এফালে আটকাধীন সদস্যগৰাকীৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি অভিযানকাৰী সেনা-আৰক্ষীৰ দলটোৱে ওদালগুৰি জিলাৰ আছৰাবাৰীৰ পৰা আন এটা এনডিএফবি(স) সদস্য লম্বুক আটক কৰিবলৈ সক্ষম হয়। উক্ত অভিযানটোক এক সফল অভিযানৰূপে আখ্যা দিছে ওদালগুৰি জিলা প্ৰশাসনে।