19
Aug
2017

বিশ্বনাথ চাৰিআলিঃ অসমৰ গৌৰৱ এশিঙিয়া গড় দিনে দিনে চোৰাং চিকাৰীৰ হাতত নিহত হোৱাৰ মাজতেই শুকুৰবাৰে বিশ্বনাথৰ বন বিভাগৰ নদাৰ্ণ ৰেঞ্জৰ এক অভিযানত গহপুৰৰ বৰঙাবাৰীৰ পৰা তিনিজন কুখ্যাত গড় চিকাৰী আটক হয়৷
ধৃত চোৰাং চিকাৰীকেইজনে বনাঞ্চলৰ মাজেৰে গড় চিকাৰ কৰিবলৈ আহিছিল বুলি বন বিভাগে নিশ্চিত কৰে৷ আটকাধীন গড় চিকাৰী কেইজন ক্ৰমে ধৰ্ম বৰা, কালো গাজী আৰু চয়বোৰ আলি ওৰফে বাচ্চো বুলি জানিব পৰা যায়৷