মঙলদৈঃ ৰাজ্যৰ বন বিভাগেই যিমানেই গঁড় হত্যা প্ৰতিৰোধৰ কথা কৈছে, সিমানেই ৰাষ্ট্ৰীয় উদ্যানসমূহত বৃদ্ধি পাইছে চোৰাং চিকাৰী৷ এন্ধাৰৰ সুযোগ লৈ গোপনে বনাঞ্চলত প্ৰৱেশ কৰি চোৰাং চিকাৰীয়ে বনাঞ্চলৰ জীৱ-জন্তু নিধন কৰি আহিছে৷ আজি আৰক্ষীৰ অভিযানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী চক টলা বজাৰৰ পৰা তিনিজন চোৰাং চিকাৰীক কৰায়ত্ব কৰিৱলৈ সক্ষম দৰং আৰক্ষী।

ধৃত চোৰাং চিকাৰী কেইজনৰ পৰা থ্ৰী নত থ্ৰী ৰাইফল এটা¸ এঘাৰ জাই সজীৱ গুলী¸ আৰু এটি চাইলেঞ্চাৰ উদ্ধাৰ কৰিৱলৈ সক্ষম হয়। ধৃত কেইজন নগাঁও জিলাৰ চামুগুৰিৰ আবুল হুছেইন¸ নুৰুল হক¸ আৰু হোজাই জিলাৰ লংকাৰ মজিবুৰ ৰহমান।

চিকাৰী কেইজনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল। আজি ধুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত হাজৰিকাৰ নেতৃত্বত চলা এক অভিযানত ধৃত চোৰাং চিকাৰী কেইজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় দৰং আৰক্ষীয়ে।

জানিব পৰা মতে তিনিদিনৰ ভিতৰত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল ধৃত চোৰাং চিকাৰীয়ে। অৱেশ্য অধিক তথ্যৰ বাবে দৰং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।