29
Aug
2017

মঙলদৈঃ গাড়ী চোৰ নহয়৷ টকা চোৰো নহয়৷ এইবাৰ ৰাইজৰ হাতত আটক হল ছাগলী চোৰ৷ মঙলদৈৰ দিপীলা হাতীমাৰাত আজি ৰাইজে কৰায়ত্ব কৰিলে দুই গভাইত ছাগলী চোৰক।
ৰাস্তাৰ পৰা ছাগলী AS-01L-0407 নম্বৰৰ চেন্ট্ৰ’ গাড়ীখনত ভৰাই লৈ যাব ওলাওতেই ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ ধৃত চোৰ দুজন খানাপাৰাৰ আজগৰ আলি আৰু গোৱালপাৰা লক্ষীপুৰৰ ৰিফাজ আলি বুলি জানিব পৰা গৈছে৷ অঞ্চলটোত বহুদিনৰ পৰা ছাগলী চোৰ কৰি অহা চোৰ কেইজনক ৰাইজে উত্তম-মাধ্যম সোধোৱাৰ পাছত পাথৰিঘাট আৰক্ষীক চমজাই দিয়ে৷