নগাঁওঃ নগাঁও আৰক্ষীৰ অভিযানত জালত পৰিল ড্ৰাগছ ব্যৱসায়ী। নগাঁও জিলাৰ মৰিকলং আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এক অভিযান চলাই নগাঁৱৰ মৰিকলঙৰ পৰা জাহাংগীৰ আলম নামৰ ড্ৰাগছ  ব্যৱসায়ীক আটক কৰে৷

বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ ড্ৰাগছ মাফিয়াক জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ড্ৰাগছ মাফিয়াজনৰ ঘৰ বেঙেনাআটিত বুলি জানিব পৰা গৈছে।  আৰক্ষীয়ে ২৮ কাৰ্টনকৈ নিচাজাতীয় দ্ৰব্যৰ বটল সহ এটা ভাড়াঘৰৰ পৰা আটক কৰে জাহাংগীৰক।