
newsnextoneগুৱাহাটীঃ ৰাজ্যখনৰ ২৪খন জিলাৰ খোৱাপানীত আৰ্চেনিকৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে ১৩খন জিলাৰ পানীৰ নমুনাত ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পৰিছে৷
এই কথা আজি অসম বিধান সভাত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ এক প্ৰশ্নৰ উত্তৰত সদৰি কৰে৷
মন্ত্ৰী গৰাকীয়ে আৰু জনায় যে ৰাজ্যখনৰ ২৪খন জিলাৰ ৬৮৮১টা অঞ্চলৰ খোৱাপানীত আৰ্ছেনিক পোৱা গৈছে আনহাতে ১৩খন জিলাৰ ৯৩০টা অঞ্চলৰ খোৱাপানীত ফ্ল’ৰাইড পোৱা গৈছে৷
এই আৰ্চেনিক আৰু ফ্ল’ৰাইডৰ দ্বাৰা আক্ৰান্ত অঞ্চল সমূহত বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ফালৰ পৰা ২২৭ আৰু ৪০খন ভিন্ন ভিন্ন আচনি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে৷
কেন্দ্ৰীয় চৰকাৰেও এই অঞ্চল সমুহত আৰ্চেনিক মুক্ত খোৱাপানী যোগান ধৰিবলৈ ২২৭খন আচনি মঞ্জুৰ কৰিছে যদিও উপযুক্ত ভূমিৰ আৱন্তনত পলম হোৱাৰ বাবে এই আচনি সমুহ সময়মতে ৰূপায়ন কৰিব পৰা হোৱা নাই৷মন্ত্ৰী ৰিহন দৈমাৰীয়ে বিধায়ক সকলক এই আৰ্চেনিক ফ্ল’ৰাইড আক্ৰান্ত অঞ্চল সমুহত উক্ত আচনি সমুহৰ বাবে উপযুক্ত ভূমিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷