নগাঁওঃ সময়ৰ বীণ বায় মৃত্যু আহে৷ য’ৰ পৰা উশাহবোৰ হেৰায়, মাতবোৰ থমকি ৰয়৷ মাথো নিয়তিৰ হাতোৰাত চেপা খাই ৰৈ যায় সকলো৷ এখন ক’লা অথবা বগা চাদৰ আৰু দুচকুত চকুলোৰ বন্যা৷ এয়াই মৃত্যুৰ বিভীষিকা৷

এনেদৰেই আপোনজনৰ চকুত দুটোপাল চকুলো উপহাৰ দি গুচি গ’ল নগাঁৱৰ উদীয়মান সংগীত শিল্পী প্ৰশান্ত কলিতা।

সোমবাৰে নগাঁৱৰ বিদ্যুৎ বিভাগৰ কলনিৰ আৱাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক সাবটি লোৱা শিল্পী গৰাকী আছিল একেধাৰে ঢোলবাদক, নাগাৰাবাদক, গীতিকাৰ আৰু সুৰকাৰ৷ তেইশ বছৰীয়া যুৱ শিল্পীগৰাকীৰ মৃত্যুত নগাঁও অঞ্চলত শোকৰ ছাঁ পৰিছে।