তেজপুৰঃ বিশিষ্ট সংগীত শিল্পী তথা বিদ্যুৎ বিভাগৰ অভিযন্তা বিশ্বজিৎ অধিকাৰীৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে।

শোনিতপুৰ জিলাৰ চিৰাজুলিত জন্মগ্ৰহণ কৰি চিৰাজুলিৰ পৰাই সংগীত চৰ্চাৰ লগত জড়িত হৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ গীত পৰিবেশন কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল বিশ্বজিৎ অধিকাৰীয়ে।

চাকৰি সূত্ৰে তেজপুৰৰ কুণ্ডাৰবাৰিত থকা কালত সাত বাৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ নৃত্য নাটিকা পৰিচালনা কৰি জনপ্ৰিয়তা লাভ কৰিছিল। শিল্পীগৰাকীৰ বিয়োগত সবত্ৰে শোকৰ ছাঁ পৰে।