বিশ্বনাথঃ অসমৰ ভূমিত অৰুণাচলী বেদখলকাৰীৰ দপদপনি অব্যাহত আছে৷ শেহতীয়াকৈ অৰুণাচলীয়ে বিহালী বনাঞ্চলৰ শ শ বিঘা মাটি বেদখল কৰি আৰম্ভ কৰিছে খেতি৷ অসমৰ বনাঞ্চলৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰাৰ পাছতো বিশ্বনাথৰ বিহালী বনাঞ্চলত ৰাজ্য চৰকাৰে চকুমুদা কুলিৰ ভাও দি অহা পৰিলক্ষিত হৈছে৷

নাহৰজানৰ সমীপৰ দূৰ্গম স্থানত পাঁচশ বিঘাতকৈও অধিক বনাঞ্চল ধ্বংস কৰি অৰুণাচলীয়ে বিনা দ্বিধাই ক্ষমতাৰ বলত খেতি কৰিছে।

অৰুণাচলৰ আগ্ৰাসনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই অহা অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতিৰ অভিযোগৰ ভিত্তিত বিহালী আৰক্ষীয়ে বন বিভাগৰ সহযোগত অৰুণাচলীয়ে কৰা কেই বিঘা খেতি নষ্ট কৰিছে যদিও শ শ বিঘা মাটি এতিয়াও অৰুণাচলী বেদখলকাৰীৰ কবলত আছে।

কিন্তু এই ক্ষেত্রত অসম চৰকাৰে যেনে ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিল তাৰ পৰিবৰ্তে হাত সাৱটি বহি থকাৰ অভিযোগ উঠিছে।

উল্লেখযোগ্য যে, ২০১৪ চনৰ ২৯ জানুৱাৰীত অৰুণাচলী বেদখলকাৰীয়ে বিহালী বনাঞ্চলৰ চাউল ধোৱাত ১৫ জন অসমীয়াক গুলীয়াই হত্যা কৰিছিল।

ইমানৰ পাছতো অসম চৰকাৰে অৰুণাচলী বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত অৰুণাচলীয়ে পুনৰ বেদখল আৰম্ভ কৰি সীমান্তৰ জনসাধৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।