লিডুঃ চুবুৰীয়া ৰাজ্য অৰুণাচলত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান৷  অৰুণাচল প্ৰদেশৰ খাৰচাঙত বুধবাৰে সেনাই আলফাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। ধৃত সদস্যজন জাগুনৰ কঠাচেমা গাঁৱৰ ৰাম বাহাদুৰ লামা  বুলি জানিব পৰা গৈছে৷  

সেনাৰ ৯ নং ৰাজ ৰেজিমেন্টে গোপন সূত্ৰৰ পম খেদি ব্যক্তি জনক আটক কৰিবলৈ সক্ষম হয়৷ ইফালে, সেনাই ব্যক্তিজনক আলফাৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰিলেও ধৃত ব্যক্তিজনে এই কথা অস্বিকাৰ কৰিছে৷ প্ৰকৃততে ব্যক্তিজন উগ্ৰপন্থীৰ সৈতে জড়িত হয়নে নহয় সেই সম্পৰ্কে আৰক্ষীৰ তদন্তৰ পাছতহে ক’ব পৰা যাব ৷ 

আনহাতে, ধৃত আলফা সদস্যজনৰপৰা সেনাই আমেৰিকাত নিৰ্মিত এটা ৯ এম এম পিষ্টল, তিনিটা চাইনীজ গ্ৰেণেড আৰু ১৫ জাই সজীব গুলীৰ লগতে বহু পৰিমানৰ বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে৷