newsnextone.com | মাৰ্ঘেৰিটাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু বাংলাদেশীক অসমক সংস্থাপনৰ বিৰোধিতা কৰি ৰাজ্যবাসীয়ে ৰাজ্য উত্তাল কৰি ৰাখিছে৷ অসমে কোনো কাৰণত বিদেশীৰ বোজা নলয় বুলি স্পষ্ট কৰি প্ৰতিদিনে ধৰ্ণা, অৱস্থান, জোঁৰ সমদল, গণ স্বাক্ষৰ সংগ্ৰহ আদি কাৰ্যসূচী পালন কৰি আহিছে৷ অবৈধ বিদেশীক অসমৰ পৰা বহিস্কাৰৰ দাবীত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰশাসনে অসমত সন্দেহজনক বাংলাদেশী সোমাই দিয়া বিচৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অসমৰ-অৰুণাচল সীমান্তত৷

বিদেশী বহিস্কাৰ দাবীত উত্তাল প্ৰতিবাদ কৰি অহাৰ লগে লগে NRC উন্নীতকৰণৰ কামো সমানে আগবাঢ়িছে৷ তেনে সময়তে চুবুৰীয়া অৰুণাচলৰ প্ৰশাসনে শুকুৰবাৰে মাজ নিশা প্ৰায় ১ বজাত প্ৰায় ৫০গৰাকী সন্দহজনক নাগৰিকক অসমত প্ৰৱেশ কৰোৱাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰে৷ তালি-টোপোলা সতি-সন্ততি লৈ লোকসকলক অৰুণাচল সীমান্ত পাৰ কৰিব খোজাৰ সময়তে ৰাইজে এই কথাৰ অৱগত হয় আৰু অৰুণাচল প্ৰশাসনক বাধা আৰোপ কৰে৷ 

জানিব পৰা মতে, সন্দেহজনক বাংলাদেশী নাগৰিকে অৰুণাচলৰ ইটা ভাটাত কাম কৰি আছিল৷ শুকুৰবাৰে দিনৰ ভাগত অৰুণাচল প্ৰদেশৰ খাৰচাং আৰক্ষীয়ে খাৰচাঙত সন্দেহযুক্ত নাগৰিকসকলক আৱদ্ধ কৰে৷ অৰুণাচলৰ ইটাভাটা আৰু শ্ৰমিক হিচাপে কাম কৰা প্ৰায় ৫০গৰাকী পুৰুষ-মহিলাক আৱদ্ধ কৰি সোধ-পোছ কৰে৷

আৰক্ষীয়ে লোককেইজনক সোধ-পোছ কৰাৰ অন্তত বাংলাদেশী নাগৰিক বুলি সন্দেহ কৰে৷ তাৰ পিছতে ডাম্পিং গ্ৰাউণ্ড বুলি গণ্য কৰি খাৰচাং আৰক্ষীয়ে পুৰুষ আৰু মহিলাসকলক এখন ট্ৰাকত ভৰাই অৰুণাচলৰ প্ৰদেশৰ নামচিক গেটেৰে অসমলৈ পঠাই দিয়ে৷

জাগুনত একাংশ স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ নেতাই এই খবৰ লাভ কৰি ওলাই আহে নিশাই৷ খবৰৰ ভিত্তিত ৫০গৰাকী সন্দেহযুক্ত বাংলাদেশীক জাগুন বজাৰৰ সমীপতে আৱদ্ধ কৰি জাগুন আৰক্ষীৰ সহযোগত পুনৰ নামচিক পহৰা গেটত চমজাই দিয়ে৷ এতিয়া প্ৰশ্ন হয় চুবুৰীয়া ৰাজ্য খনে লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে অসমত প্ৰৱেশ কৰালে কিয়? তাকেই লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ৷