
গুৱাহাটীঃ অসমীয়াৰ শেষ ভৰষা পৰেশ বৰুৱা। যোৱা ২১ নৱেম্বৰত নিজৰ ফেচবুক একাউণ্টত উক্ত শিৰোনামাৰে এটা দীঘলীয়া পোষ্ট আপডেট কৰাৰ কিছুদিন পিছতে সন্ধানহীন হৈ পৰে অৰুণাভ গগৈ। পৰিয়ালৰ তৰফৰ পৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ সময়তে যোৰহাটৰ জে বি কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা যুৱকজনে আলফাত যোগ দিয়া বুলি ভিন্নজনে আশংকা ব্যক্ত কৰে।
অৱশেষত সকলোৰে আশংকা সত্য প্ৰমাণিত কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ পৰা আজিৰ দিনটোতে ছ’চিয়েল মিডিয়াযোগে আত্মপ্ৰকাশ কৰে অৰুণাভ গগৈ ওৰফে সাগৰ ইংতিপিয়ে। আলফা স্বাধীনৰ পোছাকত হাতত মাৰণাস্ত্ৰ লৈ কোনো অজ্ঞাত স্থানৰ পৰা ছ’চিয়েল মিডিয়াযোগে এক ভিডিঅ’ বাৰ্তাত অসমক ভাল পোৱা প্ৰতিজন অসমীয়াকে স্বাধীনতাকামী সংগঠনটোৰ তেজ ৰঙা পতাকাৰ তলত থিয় হ’বলৈ আহ্বান জনায় যুৱকজনে।
তেওঁ কয় যে ভাৰত চৰকাৰে থলগিৰি জনতাৰ ন্যায়সংগত অধিকাৰ লাভ কৰাৰ সকলো গণতান্ত্ৰিক পথ অৱৰুদ্ধ কৰিছে। সেয়ে আজন্ম অধিকাৰ প্ৰাপ্তিৰ বাবে প্ৰতিজন অসমীয়া জাগি উঠিব লাগিব বুলিও যুৱকজনে ভিডিঅ’ বাৰ্তাটোত উল্লেখ কৰিছে।
'অসমৰ সমস্যাকে মূলধন কৰি আগবঢ়াসকলেও ক্ষমতাৰ খঁকত পুতিগন্ধময় ৰাজনীতিৰে জাতিৰ অস্তিত্বৰ প্ৰতি বিপদ মাতিছে। জাতিৰ এনে সংকট কালত নিজকে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ নামত উৎসৰ্গা কৰিছো।’-জাতিৰ স্বাৰ্থত ভিন্নজনে কৰি অহা নিৰস্ত্ৰ আন্দোলনক সময়ৰ অপচয় আখ্যা দি এইদৰে কয় বিদ্ৰোহী সংগঠনটোত যোগ দিয়া শিক্ষিত অসমীয়া যুৱকজনে।
অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ পথ স্বাধীন অসম বুলি উল্লেখ কৰি ভিডিঅ’ বাৰ্তাটোত সকলোকে আলফা স্বাধীনৰ সশস্ত্ৰ সংগ্ৰামত হাত উজান দিবলৈকো আহ্বান জনায়। 'জয় আই অসম’ ধ্বনিৰে ভিডিঅ’ বাৰ্তাটোৰ সামৰণি মৰা অৰুণাভ গগৈ ওৰফে সাগৰ ইংতিপিয়ে অসম আৰু অসমীয়াক লৈ হেতালি খেলাসকলকো সতৰ্ক কৰি দিয়ে।
উল্লেখ্য যে অৰুণাভৰ পূৰ্বে ইতিমধ্যে বিদ্ৰোহী সংগঠনটোত যোগ দিছিল গোলাঘাট জিলাৰ এজন প্ৰাক্তন ছাত্ৰ নেতাই। গোলাঘাটৰ ছাত্ৰ নেতাজনৰ কিছুদিন পিছতে আলফাত যোগ দিয়ে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজাক মুন্না বৰুৱাই। এই সময়ছোৱাতে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীসহ আন কেবাজনো যুৱকেও বিদ্ৰোহী সংগঠনটোত যোগ দিয়াৰ খবৰে ৰাজ্যত খলকনিৰ সৃষ্টি কৰে।
লক্ষণীয় যে গোলাঘাটৰ ছাত্ৰ নেতাজনৰ লগতে বাংগালুৰুত কৰ্মৰত এজন যুৱকেও সংগঠনটোত যোগ দিয়াৰ কিছুদিন পিছতে ছ’চিয়েল মিডিয়াযোগে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি ৰাইজক নিজৰ মনৰ কথা জনাইছিল। শেহতীয়াকৈ অৰুণাভেও একেটা পন্থাকে অৱলম্বন কৰাটোৱে বিদ্ৰোহী সংগঠনটোৱে যে ছ'চিয়েল মিডিয়াযোগে নতুন ৰণনীতি যুগুত কৰিছে সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে।