20
Aug
2018

ডিজিটেল ডেস্কঃ অষ্টাদশ এছিয়ান গেমছত এইবাৰ ভাৰতে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। অষ্টাদশ এছিয়ান গেমছৰ মল্লযুঁজত ভাৰতৰ হৈ বজৰং পুনিয়াই সোনৰ পদক লাভ কৰি ভাৰতৰ প্ৰথমটো বিজয় লাভ কৰিবলৈ সক্ষম হয়।
আনহাতে, সোমবাৰে অনুষ্ঠিত হোৱা মহিলাৰ ৫০ কেজি মল্লযঁজ শাখাত ভাৰতৰ ভিনেশ ফোগাটে সোণৰ পদক লাভ কৰি এছিয়ান গেমছত প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰুৰ হিচাপে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।