29
Mar
2019

গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ১১ এপ্ৰিলত অসমৰ ১২ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
এই দিনটোত সকলো শিক্ষানুষ্ঠান, বেংকৰ লগতে চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিব। NI এক্টৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা।
১১ এপ্ৰিলৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা বিশ্বনাথ, চৰাইদেউ, যোৰহাট
ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এই বন্ধ প্ৰযোজ্য হ’ব।
১৮ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা কাছাৰ, দৰং, ডিমা হাছাও
হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, নলবাৰী, ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত বন্ধ হ’ব।
২৩ এপ্ৰিলৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বাক্সা, বৰপেটা, কামৰূপ
বঙাইগাঁও, চিৰাং, গোৱালপাৰা, দক্ষিণ শালমাৰা, কামৰূপ (মহানগৰ), কোকৰাঝাৰ, ধুবুৰীত বন্ধ হ’ব।