বিশ্বনাথ/গুৱাহাটী/মুছলপুৰঃ মানুহবোৰৰ হৈছে কি? অসমীয়াক বিশ্বই জানে শান্তিপ্ৰিয়, সমাজপ্ৰিয়, নাৰীক সন্মান দিব জনা জাতি বুলি৷ তেনে এখন ৰাজ্যত এতিয়া প্ৰতিটো ঘণ্টাৰ মূৰকত এটাৰ পিছত সংঘটিত হৈছে আন এটা ধৰ্ষণ কাণ্ড৷ ৰাজ্যখনত বিগত ২৪ ঘণ্টাত আকৌ ৩টাকৈ যৌন নিৰ্যাতন-ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। 

আচিফাৰ পৰা আৰম্ভ কৰি উন্নাওলৈকে লোমহৰ্ষক ধৰ্ষণ কাণ্ডই দেশ কঁপাই থকাৰ সময়তে অসমত ৭-৮ ত বছৰীয়া শিশু কন্যাক যৌন নিৰ্যাতন, ধৰ্ষণ, হত্যা কৰাৰ খবৰ পোহৰলৈ আহিব ধৰিছে। 

ভাৰতীয় প্ৰাচীন সভ্যতা-সংস্কৃতিত নাৰীক দেৱী জ্ঞান কৰা হয়। অসমীয়া সমাজতো নাৰীক এক শক্তি বুলি ভবা হয়। কেতিয়াবা যদি নাৰীক মা দুৰ্গা ৰূপ দিয়া হয় আন কেতিয়াবা আকৌ ‘মা’ কালীৰ ৰূপতো কল্পনা কৰা হয় নাৰীক।

নাৰীক সৃষ্টিকাৰী, প্ৰাণদায়িনী বুলি ভবা হয়। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমুহৰ ভিতৰত অসমত নাৰীক দেৱীৰ মৰ্যদা দিয়া হয়। ৰাজ্যখনত নাৰীক যথেষ্ট মৰ্যদা দিয়া হয় বুলি সুনাম আছে।

পৰিতাপৰ কথা এয়ে যে এনে সুনামৰ মাজতে শেহতীয়াকৈ ৰাজ্যখনত নাৰীজনিত অপৰাধ উদ্বেগজনকভাবে বৃদ্ধি পাবলৈ লৈছে। মাজনিশা দূৰৰে কথা, দিন-দূপৰতে নাৰী অসুৰিক্ষত। অকলশৰে ক'লৈকো যাব নোৱৰা হৈছে নাৰী।

নাৰী আজি ভীতিগ্ৰস্ত, আপোন বঙহকো বিশ্বাস কৰিব নোৱৰা পৰিৱেশ এটাৰ উদ্ভৱ হৈছে। নাৰীজনিত সমস্যাসমূহৰ পৰা সমূলঞ্চে পৰিত্ৰাণ বিচাৰি ৰাজপথলৈ ওলাই আহিছে নাৰী তথাপিও যেন অৱলা নাৰী সুৰক্ষিত নহয়৷

মঙলবাৰে দিনটোত ৩টা নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে৷ কামৰূপ জিলাৰ অন্তৰ্গত সোণাপুৰত দুগৰাকী লোকে ধৰ্ষণ কাণ্ড সংঘটিক কৰাৰ অভিযোগ উত্থাপন হৈছে৷ জানিব পৰা মতে, বিহু চাই ঘৰলৈ উভতি অহাৰ সময়ত নৈশ চকীদাৰে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হয়৷ আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে দুগৰাকী লোকক আটক কৰে। সোণাপুৰৰ নৃশংস ঘটনাটো সোমবাৰে নিশা সংঘটিত হয়। 

দুজন পুৰুষে ছবছৰীয়া শিশুটিক যৌন নিৰ্যাতন চলাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱক-যুৱতী এহালে। অভিযুক্ত দুগৰাকীৰ এজন হৈছে ৫৫ বছৰীয়া ধীৰেণ ৰংপি আৰু আনজন ৫৩ বছৰীয়া জীতেন ৰংপি। দুয়োজনকে আৰক্ষীয়ে আটক কৰিছে। 

বিশ্বনাথতো সংঘটিত হয় অনুৰূপ কাণ্ড৷ জিলা খনৰ বালিচঙৰ দিৰিং পথাৰত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হয় প্ৰায় ১১ বছৰীয়া কিশোৰীগৰাকীক। 

কিশোৰীগৰাকীক ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। ইতিমধ্যে শিৱ কুমাৰ নামৰ লোক এজনক আটক কৰিছে বিশ্বনাথ আৰক্ষীয়ে। ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বালিচং আৰক্ষী চকীত ৰাইজে মহিলাক সুৰক্ষা আৰু অপৰাধীক শাস্তি দিয়াৰ দাবীত প্ৰতিবাদ জনায়৷

আনহাতে বাক্সাৰ শালবাৰিত এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ বাক্সাৰ আমানৱীয় কাণ্ড সংঘটিত কৰাৰ অভিযোগত ৰফিকুল ভুঞা নামৰ লোক এজনক শালবাৰি এলেকাৰ পৰা আটক কৰিছে আৰক্ষীয়ে। 

ধৰ্ষণৰ পিছতে চোকা অস্ত্ৰেৰে মহিলাগৰাকীক মৰুত আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে ৰফিকুলৰ বিৰুদ্ধে। গুৰুতৰভাৱে আহত মহিলাগৰাকীক চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে। কেইটামান দিনৰ ভিতৰতে এইটো তৃতীয়টো ধৰ্ষণ কাণ্ড সংঘটিত হয় জিলাখনত৷